যোৰহাট, 2 এপ্ৰিল: অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হ’ল অসম সাহিত্য সভাৰ 2023-25 বৰ্ষৰ প্ৰথম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন ৷ অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্বোধন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই (MP Kamakhya Prasad Tasa) ৷
সভা উদ্বোধন কৰি সাংসদ তাছাই কয়, ‘‘অসম সাহিত্য সভা অসমৰ তথা অসমত বাস কৰা প্ৰত্যেকজন ব্যক্তিৰ বাবে গৌৰৱ, স্বাভিমান ৷ অসম সাহিত্য সভাই অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত অতীজৰ পৰাই কাম কৰি আহিছে আৰু অনাগত দিনতো কাম কৰাৰ প্ৰয়োজনীয়তা আছে ৷ শতবর্ষ গৰকি মহিমামণ্ডিত হোৱা অসম সাহিত্য সভা কেতিয়াও নোহোৱা হৈ নাযায় ৷ সাহিত্য সভা সদায় মৰ্যাদা সহকাৰে আমাৰ মাজত জীয়াই থাকিব ৷ সাহিত্য সভাৰ উত্তৰণৰ ক্ষেত্ৰত সমাজৰ প্ৰত্যেক শ্ৰেণীৰ মানুহৰ দায়িত্ব আছে ৷’’
সাহিত্য সভাই লেখকসকলক একত্ৰিত কৰি আগবাঢ়ি যাব লাগিব আৰু চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি সাহিত্য সভা ৰৈ থাকিব নালাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ সাহিত্য সভাত কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলাৰ বাবেও আহ্বান সাংসদগৰাকীৰ ৷
ইফালে, সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই (Surjya Kanta Hazarika) কয়, ‘‘অসম সাহিত্য সভাক আগন্তুক দিনসমূহত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সমগ্ৰ বিশ্বতে অসম সাহিত্য সভাক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰিছে অসম সাহিত্য সভাই আৰু সেইয়া হৈ উঠিলে অসমীয়া ভাষা সমগ্ৰ বিশ্বতে জিলিকি উঠিব ৷ অসম সাহিত্য সভাই ইয়াৰ শাখা সমগ্ৰ দেশত খোলাৰ প্ৰকল্প হাতত লৈছে ৷’’
অসম সাহিত্য সভাৰ শাখা গঠন প্ৰক্ৰিয়া প্ৰথমে দিল্লীৰ পৰা আৰম্ভ হ’ব বুলিও সদৰী কৰে সভাপতি হাজৰিকাই ৷ বিভিন্ন ৰাজ্যত বাস কৰা অসমীয়া লোকসকলৰ সৈতে যোগাযোগ অব্যাত ৰখা হৈছিল বুলিও মন্তব্য সভাপতিগৰাকীৰ (Branch of Asom Sahitya Sabha) ৷
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰিশ সন্দিকৈ, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভব গোস্বামী, সম্পাদিকা মিতালি শইকীয়া, প্ৰাক্তন উপ সভাপতি মৃণালীনী দেৱী, ড৹ দিগন্ত বিশ্ব শৰ্মা, প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মা, ড৹ বসন্ত গোস্বামী, শান্তনু পূজাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক: Pranjal Moran case update : প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত দুই কয়লা চোৰ আৰক্ষীৰ জিম্মাত