যোৰহাট, 5 মাৰ্চ: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ ন-পুৰণি সতীৰ্থ সন্মিলনখন আজি অৰ্থাৎ দেওবাৰে সুকলমে অনুষ্ঠিত হৈ যায় (AJYSP meet in Jorhat)। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে দেওবাৰ জিলাৰখনৰ ইমেজ প্ৰেক্ষাগৃহত ন-পুৰণি সতীৰ্থ সন্মিলনখন অনুষ্ঠিত কৰে ৷
উক্ত ন-পুৰণি সতীৰ্থ সন্মিলনখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দেৱজিৎ বৰদলৈ, সত্যেন কটকী, কামালদ্দিন আহমেদ আৰু যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰদীপ মহন্ত, সাধাৰণ সম্পাদক মহেন্দ্ৰ দত্ত, প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰতাপ জ্যোতি দত্তকে ধৰি প্ৰায় শতাধিক প্ৰাক্তন সতীৰ্থ সমবেত হয় (Asom Jatiyatabadi Yuba Chatra Parishad ) ৷ উক্ত সমাৰোহখনি উদ্বোধন কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাই ।
উক্ত সভাখনৰ আঁত ধৰে পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক বাবু দত্তই । সভাখনত প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰতাপ জ্যোতি দত্তই সংগঠনৰ উত্তৰণৰ স্বাৰ্থত দৃঢ়তাৰে কাম কৰি যাবলৈ বৰ্তমানৰ সমিতিখনক আহ্বান জনোৱাৰ লগতে প্ৰতিজন সতীৰ্থকে কৰ্ম বিপ্লৱৰ বিষয়ে আহ্বান জনায় ।
ন-পুৰণি সতীৰ্থ সন্মিলনৰ দ্বাৰাই জাতীয় চেতনা সমৃদ্ধ কৰাৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়াসৰ কথা উল্লেখ কৰে সমিতিৰ সাধাৰণ সম্পাদক বাবু দত্তই ৷ তাৰ লগতে তেওঁ গণ চেতনা জাগ্ৰত কৰি অসমীয়া জাতিটোক আগুৱাই নিয়াৰ কথাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷
তাৰ উপৰিও জাতিটোৰ সুৰক্ষা, উত্তৰণৰ হকে কাম কৰি যোৱাৰ কথা জানিবলৈ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সাধাৰণ সম্পাদক বাবু দত্তই । ন-পুৰণি সতীৰ্থ সন্মিলনীৰ সভাতেই পৰিষদৰ প্ৰাক্তন কৰ্মী সকলে জাতিটোৰ স্বাৰ্থত সংগঠনটোৰ লগত কানত কান্ধ মিলাই কাম কৰি যোৱাৰ কথা জানিবলৈ দিয়াৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে । আজি অনুষ্ঠিত সভাত জিলাখনৰ শতাধিক ন-পুৰণি সতীৰ্থয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : Chemical rich vegetables in Guwahati: ৰাসায়নিক দ্ৰব্যযুক্ত পাচলিৰ বিৰুদ্ধে চলিব অভিযান