ETV Bharat / state

বানৰ পাচত পাচলিৰ বজাৰত জুই - বন্যাৰ্ত

যোৰহাটৰ পাচলিৰ বজাৰত এতিয়া জুই লাগিছে ৷  জিকা,ভাতকেৰেলা,কেৰেলা,জলকীয়া, অমিতা,বিলাহী আদি দৈনন্দিন ব্যৱহাৰ্য পাচলিৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব ৷ বানৰ পাচত এতিয়া 60 ৰ পৰা 180 টকালৈকে বৃদ্ধি হৈছে পাচলিৰ দৰ ৷  একাংশ মধ্যভোগী আৰু একাংশ অসাধু পাইকাৰী ব্যৱসায়ীৰ বাবেই যোৰহাটত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে পাচলিৰ মূল্য ৷

বানৰ পাচত পাচলিৰ বজাৰত জুই
author img

By

Published : Jul 20, 2019, 3:52 PM IST

যোৰহাট, জুলাই 20 : বিধ্বংসী বানে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ ক্ৰমাৎ বানৰ প্ৰকোপ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বহু অঞ্চল পানীৰ তলত থকাৰ বিপৰীতে মথাউৰিত অনাহাৰে-অনিদ্ৰাই দিন কটাইছে বন্যাৰ্তই ৷ বাঢ়নী পানী কাৰোবাৰ বাবে যদি চকুৰ পানী, তেন্তে আন কাৰোবাৰ বাবে আকৌ সোণৰ কণী পৰা হাঁহ ৷ বৰ্তমানৰ সময়ত এসাঁজ সতেজ শাক-পাচলি খাবলৈ আপুনি এশ বাৰ চিন্তা কৰিব লাগিব ৷ কাৰণ বানৰ অচিলালৈ একাংশ মধ্যভোগীয়ে ব্যাপক হাৰত বৃদ্ধি কৰিছে শাক-পাচলিৰ মূল্য ৷ দৈনন্দিন ভাতৰ সাজৰ বাবে অতি গুৰুত্বপূৰ্ণ পাচলি কিনিবলৈ গ'লে খালী হাতৰে আহিব লগীয়া হ’ব পাৰে আপুনি । যোৰহাটৰ পাচলিৰ বজাৰত এতিয়া জুই লাগিছে ৷ জিকা,ভাতকেৰেলা,কেৰেলা,জলকীয়া, অমিতা,বিলাহী আদি দৈনন্দিন ব্যৱহাৰ্য পাচলিৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব ৷ বানৰ পাচত এতিয়া 60 ৰ পৰা 180 টকালৈকে বৃদ্ধি হৈছে পাচলিৰ দৰ ৷

বানৰ পাচত পাচলিৰ বজাৰত জুই

যোৰহাটৰ পাচলি বজাৰত ভাত কেৰেলাৰ পাইকাৰী মূল্য 40 টকা আৰু খুচুৰা দৰ 50 টকা ৷ বিলাহী 60 পৰা 80 টকা,জলকীয়া 100ৰ পৰা 120 টকা,গাজৰ 100 টকাৰ পৰা 120 টকা, বন্ধাকবি 40 টকা, দীঘলীয়া কেপচিকাম ১২০ টকা আৰু ঘূৰণীয়া কেপচিকাম ১৮০ টকা ৷ বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি জিকা,ডাংবদি,অমিতা, কুণ্ডুলীৰো দাম সঘনাই পৰিৱৰ্তন ঘটিছে । পাচলি ব্যৱসায়ীয়ে জনোৱা মতে বানৰ ফলত পাচলিৰ উৎপাদন হ্ৰাস হোৱাৰ বাবেই বিগত এমাহলৈ পাচলিৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে, যোৰহাটৰ পাচলি বজাৰলৈ সাধাৰণতে দলগাঁও,খাৰুপেটীয়া আৰু শ্বিলঙৰ পৰা আমদানি কৰা হয় ৷ কিন্তু যোৰহাটৰ আশে-পাশে থকা কৃষি-পথাৰৰ পাচলি যোৰহাটৰ বিভিন্ন বজাৰলৈ আহে যদিও মুখ্য ভাৱে নগাঁও,খাৰুপেটীয়া,দলগাঁৱৰ উপৰিও বৃহৎ পৰিমাণে পাহাৰীয়া ৰাজ্যকেইখনৰ পৰাই আহে । কিন্তু পাহাৰীয়া ৰাজ্যত বানপানী হোৱা নাই যদিও একাংশ মধ্যভোগী আৰু একাংশ অসাধু পাইকাৰী ব্যৱসায়ীৰ বাবেই যোৰহাটত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে পাচলিৰ মূল্য ৷

বজাৰত জুই।।বানৰ সুযোগতে ব্যাপক হাৰত মূল্য বৃদ্ধি পাচলিৰ।।

বৈধ্য পৰিমাণ বিভাগ আছেনে বাৰু জিয়াই।বোলে আছে গৰু নাবাই হাল,থকাকৈ নথকাই ভালৰ দৰে অৱস্থা এই বৈধ পৰিমাণ বিভাগটোৰ।কাৰনটো চাওক আমাৰ এক প্ৰতিবেদন।

ৰাজ্যখনৰ ভয়াৱহ বানৰ সুযোগ একাংশ লোকৰ।বানপানী কাৰোবাৰ বাবে চকুৰ পানী আন কাৰোবাৰ বাবে সোনৰ কণী পৰা হাহ।হয়তো আপুনি বৰ্তমানৰ সময়ত এখাজ সতেজ শাক-পাচলি খাবলৈ এশ বাৰ চিন্তা কৰিব লাগিব।কাৰন বানপানীৰ সুযোগ গ্ৰহণ কৰিছে একাংশ মধ্যভুগী আৰু অসাধু ব্যৱসায়ীয়ে।আপোনাৰ দৈনন্দিন ভাতৰ সাজৰ লগত অতি গুৰুত্বপূৰ্ণ পাচলি কিনিবলৈ গলে খালি হাতৰে আহিব লাগিয়া হব পাৰে।কাৰন যোৰহাটৰ পাচলিৰ বজাৰত এতিয়া জুই লাগিছে।
সাধাৰণ জিকা,ভাতকেৰেলা,কেৰেলা,জলকীয়া, অমিটা,বিলাহী কিনিবলৈ হলে চকু কপালত উঠিব।কেপচিকাম,গাজৰ কথা নকলোৱে।বানপানীৰ আগত যোৰহাটৰ পাচলি বজাৰত এতিয়া পাচলিৰ দাম ৬০ টকাৰ পৰা ১৮০ টকালৈ উঠিছে দাম।যোৰহাটৰ পাচলি বজাৰত ভাত কেৰেলা পাইকাৰী দাম ৪০ টকা আৰু খুচুৰা ৫০ টকা,বিলাহী ৬০ পৰা ৮০ টকা,জলকীয়া ১০০ পৰা ১২০ টকা,গাজৰ ১০০ টকাৰ পৰা ১২০ টকা,কেপচিকাম দীঘলীয়াটো ১২০ টকা,ঘূৰণীয়াটো ১৮০ টকা, পাত-কবি ৪০ টকা,জিকা,ডাংবদি,অমিটা কুন্ডুলী দাম সঘনাই পৰিবৰ্তন ঘটে বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি।পাচলি ব্যৱসায়ীয়ে জনোৱা মতে বানৰ ফলত পাচলিৰ উৎপাদন হ্ৰাস হোৱাৰ বাবেই বিগত এমাহলৈ পাচলিৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।উল্লেখযোগ্য যে যোৰহাটৰ পাচলি বজাৰলৈ সাধাৰণতে দলগাও,সাৰুপেটিয়া,ছিলং,ডাৰ্জিলীৰ পৰা আমদানি কৰা হয়।কিন্তু যোৰহাটৰ আশে-পাশে থকা কৃষি-পথাৰৰ পাচলি যোৰহাটৰ বিভিন্ন বজাৰলৈ আহে যদিও মুখ্য ভাৱে নগাঁও, খাৰুপেটিয়া,দলগাৱৰ উপৰিও বৃহৎ পৰিমাণে পাহাৰীয়া ৰাজ্যকেইখনৰ পৰাই আহে।কিন্তু পাহাৰীয়া ৰাজ্যত বানপানী হোৱা নাই তেনে ক্ষেত্ৰত যোৰহাটৰ বজাৰত পাচলিৰ দাম বৃদ্ধি হোৱাত একাংশ মধ্যভুগী দালাল আৰু একাংশ অসাধু পাইকাৰী ব্যৱসায়ীৰ বাবেই যোৰহাটৰ পাচলি বজাৰত এতিয়া লাগিছে জূই।

ৰাজ্য চৰকাৰে যদি এনে সময়তে পাচলিৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰে বা উচিত মূল্য নিৰ্ধাৰণ কৰি নিদিয়ে তেনেহলে বানৰ সুযোগ লৈ সাধাৰণ ৰাইজৰ মুৰত মাধমাৰ সোধাব একাংশ অসাধু পাচলি ব্যৱসায়ীয়ে।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.