ETV Bharat / state

ক’ভিডত বিপৰ্যস্ত দিহানামৰ সম্ৰাট কমলা গগৈৰ কাতৰ আহ্বান... - কমলা গগৈ

ক’ভিড (Covid)ৰ গ্ৰাসত পৰি আৰ্থিক অনাটনত ভুগিছে দিহানাম (Diha Naam)ৰ সম্ৰাট কমলা গগৈ (Kamala Gogoi) ৷ দুবছৰ ধৰি বন্ধ হৈ থকা ধৰ্মীয় অনুষ্ঠানসমূহত পৰিৱেশন কৰি দুপইছা সংগ্ৰহ কৰাৰ পৰা বঞ্চিত হৈছে শিল্পীগৰাকী ৷ সংস্কৃতিৰ চৰ্চা কৰি পৰিয়াল পোহপাল গগৈয়ে উপায়হীন হৈ চৰকাৰৰ পৰা বিচাৰিছে আৰ্থিক সহায়ৰ হাত ।

artist-kamala-gogoi-requests-govt-for-help
দিহানামৰ সম্ৰাট কমলা গগৈৰ কাতৰ আহ্বান
author img

By

Published : Aug 3, 2021, 5:54 PM IST

টীয়ক,3 আগষ্ট : ক’ভিড (Covid) মহামাৰীয়ে বিপৰ্যস্ত কৰা শিল্পী সমাজৰ বাবে কৰ্মমুখী আঁচনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে টীয়ক নিৱাসী দিহানাম (Diha Naam)ৰ সম্ৰাট কমলা গগৈ (Kamala Gogoi)য়ে ৷ মহামাৰীয়ে কোঙা কৰি তোলা ৰাজ্যৰ শিল্পীসকলৰ বাবে চৰকাৰে জনকল্যাণমূলক আঁচনি গ্ৰহণ নকৰিলে শিল্পীসকল আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব ৷

ইটিভি ভাৰত (ETV Bharat)যোগে এইদৰে দুখ প্ৰকাশ কৰে শিল্পী কমলা গগৈয়ে ৷ ক’ভিড অতিমাৰীৰ সংক্ৰমণৰ ফলত দেশৰ লগতে ৰাজ্যৰ সকলো ক্ষেত্ৰৰ সৈতে জড়িত লোকৰ আৰ্থিক দিশত কম-বেছি পৰিমাণে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ এই ভয়াৱহ সংক্ৰমণত বিশেষকৈ শিল্পী সমাজ অধিক পৰিমাণে আৰ্থিকভাৱে জুৰুলা হৈছে ৷

দিহানামৰ সম্ৰাট কমলা গগৈৰ কাতৰ আহ্বান

স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰা সাংস্কৃতিক, কৃষিকে ধৰি অন্যান্য ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলক সকাহ প্ৰদান কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে এইগৰাকী প্ৰখ্যাত শিল্পীয়ে ৷

লগতে পঢ়ক : ক’ভিডৰ বাবেই হেৰাই যাব নেকি ঐতিহ্যময় শিল্প...

অসমীয়া পৰম্পৰাগত দিহানামৰ সম্ৰাট খ্যাত কমলা গগৈয়ে ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইত দিহানাম পৰিৱেশন কৰি জনপ্ৰিয়তা লাভ কৰিছে ৷ সংস্কৃতি চৰ্চাকেই জীৱনৰ লক্ষ্য হিচাপে লৈ আগবাঢ়ি যোৱা গগৈয়ে এতিয়ালৈকে বহুকেইখন দিহানামৰ কিতাপ লিখি তাত কণ্ঠদান কৰি আহিছে । বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দিহানাম, টোকাৰী গীত, নাম-কীৰ্তন পৰিৱেশন কৰি আৰ্জিত মাননিৰে পৰিয়াল পোহপাল দি আহিছিল শিল্পীগৰাকীয়ে ।

সংস্কৃতি সাধনাৰ কালচোৱাত দিহাসম্ৰাট, দিহাৰত্ন উপাধিৰ লগতে বকুল বনৰ বঁটা, সংস্কৃতি সাধনা বঁটা, নৃতাঞ্জলি বঁটাৰে বিভূষিত হৈছিল এইগৰাকী শিল্পীয়ে । কিন্তু বিগত দুবছৰ ধৰি ক’ভিড মহামাৰীৰ ফলত প্ৰায় বন্ধ হৈ আছে ধৰ্মীয় অনুষ্ঠানসমূহ ৷ যাৰ পৰিপ্ৰেক্ষিতত উপাৰ্জনবিহীন হৈ পৰিছে কমলা গগৈৰ লগতে তেওঁৰ সংগীবৃন্দ ।

জীৱনৰ আধা বয়স সংস্কৃতি চৰ্চা কৰি ঘৰ চলোৱা গগৈয়ে চৰকাৰৰ পৰা বিচাৰিছে সহায়ৰ হাত । লগতে তেওঁৰ দৰে যিসকল থলুৱা শিল্পী মহামাৰীৰ ত্ৰাসত পৰি দিশহাৰা হৈছে, তেওঁলোককো আৰ্থিক অনুদান আগবঢ়াবৰ বাবে আহ্বান জনাইছে কমলা গগৈয়ে ৷

লগতে পঢ়ক : এটা চকুৰে জীৱন যুঁজত নমা এগৰাকী অখ্যাত শিল্পী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.