ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ

author img

By

Published : May 20, 2022, 11:49 AM IST

অসম কৃষি বিশ্ববিদ্যালয়ত উখল-মাখল পৰিৱেশ । বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ (Annual function of College of Community Sciences)। বাৰ্ষিক সমাৰোহ উদ্বোধন কৰে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ।

Annual function
সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ

যোৰহাট, ২০ মে' : অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে (Annual function of College of Community Sciences)। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত অনুষ্ঠিত সমাৰোহ মুকলি কৰে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই (Annual function at Assam Agricultural University)। শুভাৰম্ভণি বক্তব্যত তেখেতে কয় যে, সামুহিক ভাৱধাৰা, শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতাৰে কাম কৰি ভৱিষ্যতৰ জীৱন গঢ়াৰ দিশত যত্নৱান হ'ব লাগে ।

তেওঁ লগতে কয় যে, পাঠ্যক্ৰমৰ উপৰিও সহপাঠ্যক্ৰমিক ক্ষেত্ৰতো সমানে ব্যুৎপত্তি অৰ্জন কৰি আগবাঢ়ি যাব পাৰিলে কৃতকাৰ্যতাৰ পথত আগুৱাই যাব পৰা যায় । সমান্তৰালভাবে অনুপ্ৰেৰণামূলক দৃষ্টিভংগীৰে জ্ঞান অৰ্জনৰ দিশত পশ্চিমীয়া দেশসমূহৰ বিশ্ববিদ্যালয়সমূহৰ আদৰ্শ গ্ৰহণ কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে । তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সমাৰোহত পুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পেৰেড প্ৰদৰ্শন কৰে । পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সামুহিক বিজ্ঞানগুৰু ৰুমা ভট্টাচাৰ্যই ।

এই অনুষ্ঠানত কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা, ৰেচম মহাবিদ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া ড° উৎপল কটকীও উপস্থিত থাকে । এই অনুষ্ঠানতে পেৰেডত স্থান লাভ কৰা দলকেইটাক পুৰস্কাৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক :দৰঙত অপৰিবৰ্তিত বান পৰিস্থিতি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.