যোৰহাট, 28 মাৰ্চ: ঐতিহাসিক বহু সত্ৰৰে ভৰপুৰ অসম এখন চহকী ৰাজ্য ৷ যাৰ তুলনা হয়তো আন কোনো ৰাজ্যৰ সৈতে কৰিব নোৱাৰি ৷ সম্ভাৱনাৰ নানা আঁকৰৰে পুষ্ট অসমৰ অধিকাংশ সম্পদে কিন্তু আজি উপযুক্ত পৰিচৰ্যাৰ অভাৱত জহি-খহি যাবলৈ ধৰিছে ৷ পূৰ্বতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে সত্ৰ স্থাপন কৰি অসমক এক সুকীয়া মৰ্যদা প্ৰদান কৰি থৈ গৈছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশমৰ্মে স্থাপিত তেনে এখন সত্ৰ হৈছে কুঁহিয়াৰবৰীয়া জালপৰিয়া সত্ৰ(Jalparia Satra at Jorhat) ৷ সম্প্ৰতি এই সত্ৰখনলৈ নামি আহিছে অস্তিত্বৰ সংকট ৷
পোনতে মহাপুৰুষ শংকৰদেৱৰ আজ্ঞা অনুসৰি, লখিমপুৰৰ জালপুখুৰী নামৰ এখন ঠাইত প্ৰতিষ্ঠা কৰা হৈছিল উক্ত সত্ৰখন ৷ পৰৱৰ্তী সময়ত যোৰহাটলৈ সত্ৰখন স্থানান্তৰিত কৰা হয় ৷ এই সত্ৰখনতে আছে মহাপুৰুষ গৰাকীৰ দিনৰ আপুৰুগীয়া সাঁচিপাতৰ পুথি-পাঁজিসমূহ ৷ কাঠৰ বাকচত থোৱা এই সম্পদসমূহ উপযুক্ত পৰিচৰ্যাৰ অভাৱত সম্প্ৰতি উৱলি যোৱাৰ উপক্ৰম হৈছে ৷
সত্ৰখনৰ 80 বছৰীয়া সত্ৰাধিকাৰগৰাকীয়ে এইসমূহ সম্পদ সংৰক্ষণৰ বাবে কাতৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ সত্ৰীয়া পৰিয়ালটোৱে নিজস্ব তত্বাৱধানত ৰাখিছে সাঁচিপাতৰ পুথিসমূহ ৷ তদুপৰি বেদখলৰ কবলত(Encroachment in Jalparia Satra) পৰা সত্ৰখনৰ মণিকূট, নামঘৰ, বঢ়া আদি সকলোবোৰ সম্পদে এতিয়া ভাগি-ছিগি নিশ্চিহ্ন হোৱাৰ পথত ৷
প্ৰায়ে সত্ৰৰ ভূমি বেদখল কৰিবলৈ মাত মাতি অহা ৰাজ্য চৰকাৰে কুঁহিয়াৰবৰীয়া জালপৰিয়া সত্ৰখন ৰক্ষা কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়ত লক্ষণীয় হ’ব ৷
লগতে চাওক: সচিবালয়ৰ দেৱালত NO MORE DAMS লিখি গ্ৰেপ্তাৰ হ’ল শিল্পী নীলিম মহন্ত