ETV Bharat / state

Tense in Jorhat Hospital: ৰোগীৰ মৃত্য়ুক কেন্দ্ৰ কৰি উত্তপ্ত যোৰহাটৰ চিকিৎসালয় - Allegation of Doctors negligence in Jorhat

কচাইখানা হৈছে নেকি একাংশ ব্যক্তিগত চিকিৎসালয় । যোৰহাটৰ এখন নাৰ্ছিং হোমত চিকিৎসাৰ নামত বেহা চলাৰ অভিযোগ (Allegation of negligence against Nursing Home)। ৰোগীৰ মৃত্য়ুক কেন্দ্ৰ কৰি সৃষ্টি হ'ল অপ্ৰতিকৰ পৰিস্থিতিৰ ।

Allegation of negligence against Nursing Home
চিটি অৰ্থোপেডিক হাস্পতালৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ
author img

By

Published : Apr 19, 2023, 9:12 PM IST

চিটি অৰ্থোপেডিক হাস্পতালৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ

যোৰহাট, ১৯ এপ্ৰিল: যোৰহাটত ৰোগীৰ মৃত্য়ুক কেন্দ্ৰ কৰি বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । যোৰহাটৰ মাছৰহাটস্থিত চিটি অৰ্থোপেডিক হাস্পতালত সৃষ্টি হয় এই অপ্ৰতিকৰ পৰিস্থিতিৰ (Tense in Jorhat Nursing Home)। চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্য়ু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য় যে, যোৰহাটৰ মাছৰহাটৰ ডাঃ অৰূপ কুমাৰ বৰুৱা মালিকাধীন এইখন হাস্পতালৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনে অভিয়োগ উত্তাপিত হৈছিল (Allegation of Doctors negligence in Jorhat)।

উত্থাপিত অভিযোগ অনুসৰি যোৱা 16 এপ্ৰিলত ভৰিৰ অস্ত্ৰোপচাৰৰ বাবে পানীচকুৱা খঙিয়াৰ অনিমা বৰা নামৰ এগৰাকী মহিলাক চিটি অৰ্থোপেডিক হাস্পতালত (Allegation against City Orthopadic Hospital) ভৰ্তি কৰোৱা হৈছিল । পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি ৰোগীগৰাকীয়ে ঘৰৰ পৰা সুস্থ অৱস্থাৰে চিকিৎসয়লৈ আহিছিল । চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই এই ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উঠিছে । এনাস্থেচিয়াৰ পৰিমাণ বেছি হোৱা বাবেই ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ । দুৰ্ভাগ্যজনকভাৱে ডাঃ অৰূপ বৰুৱাই কৰা অস্ত্ৰোপচাৰৰ অন্তত ৰোগীগৰাকীৰ মৃত্য়ু হয় ।

আনহাতে, ৰোগীৰ পৰিয়ালৰ অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই । উল্লেখযোগ্য যে, City Orthopadic Hospital নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে পূৰ্বৰে পৰা এনে বহু অভিযোগ উত্থাপিত হৈ আহিছে । তাৰ পিচতো আজিকোপতি চিকিৎসালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই । এই প্ৰসংগত ৰাইজে কয় যে, সময় থাকোতেই যদি এনেবোৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিৰুদ্ধে প্ৰশাসনযন্ত্ৰ যদি কঠোৰ নহয় তেতিয়াহ'লে অনাগত সময়ত এইসমূহ চিকিৎসালয়ৰ অতপালি বৃদ্ধি পাব ।

উল্লেখ্য় যে, বিভিন্ন সময়ত যোৰহাট জিলাৰ একাংশ নাৰ্ছিং হোমত ভুল চিকিৎসা, চিকিৎসাৰ নামত গাফিলতি সংঘটিত হোৱাৰ প্ৰায়েই অভিযোগ উত্থাপিত হৈ আহিছে ৷ এতিয়া এই নাৰ্ছিং হোমখনৰ বিৰুদ্ধ জিলা প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষ্যনীয় হ'ব ।

লগতে পঢ়ক: Satya Pal Malik controversy : সত্যপাল মালিকৰ অভিযোগৰ পিচতে প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.