ETV Bharat / state

Indradhanush Gas Grid Limited: ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ কৰ্মকাণ্ডৰ বাবে তিতাবৰত নষ্ট হাজাৰ হাজাৰ বিঘা কৃষিভূমি - কৃষকৰ হাহাকাৰ অৱস্থা

ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ বাবে তিতাবৰত কৃষকৰ হাহাকাৰ অৱস্থা ৷ কৃষকে অশেষ কষ্টৰে কৰা খেতি পথাৰ এতিয়া প্ৰতিষ্ঠানটোৰ বাবে পানীৰ তলত ৷

Allegation Against Indradhanush Gas Grid Limited
কোনে বুজিব কৃষকৰ মৰ্মবেদনা
author img

By

Published : Jul 29, 2023, 10:13 AM IST

ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে কৃষকৰ অভিযোগ

যোৰহাট, 29 জুলাই : ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অভিযোগ ৷ এই প্ৰতিষ্ঠানৰ কৰ্মকাণ্ডৰ বাবে তিতাবৰত নষ্ট হাজাৰ হাজাৰ বিঘা কৃষিভূমি ৷ কোনে বুজিব কৃষকৰ মৰ্মবেদনা ৷

ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ বাবে এতিয়া যোৰহাট জিলাৰ তিতাবৰত কৃষকৰ তথৈবচ অৱস্থা ৷ কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰে কৰা খেতি পথাৰ এতিয়া প্ৰতিষ্ঠানটোৰ বাবে পানীৰ তলত ৷

তিতাবৰ মেলামাটি পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডত গেছ পাইপ বহুওৱাৰ নামত কোম্পানীটোৱে খান্দি পেলাইছিল কাছজান নদীৰ মথাউৰী ৷ পৰৱৰ্তী সময়ত ৰাইজ তথা স্থানীয় দল-সংগঠনৰ দাবীত কোম্পানীটোৱে মথাউৰীটো পুনৰ নিৰ্মাণ কৰে যদিও নিম্নমানৰ সামগ্ৰী প্ৰয়োগ কৰি কোনোমতে জোৰা-টাপলি মাৰি নিৰ্মাণ কৰাৰ ফলত পুনৰ মথাউৰিটো ভাগি যায় ৷ যাৰ ফলত নদীখনৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ কৃষকৰ ধানখেতি বুৰাই পেলাইছে ৷

উল্লেখ্য যে, স্থানীয় লোকে জনোৱা মতে মথাউৰীটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ কথা জনোৱা হৈছিল তিতাবৰ মহকুমাৰ মহকুমাধিপতি আৰু যোৰহাট জিলা উপায়ুক্তক ৷ লগতে তিতাবৰ আৰক্ষী থানাতো কোম্পানীটোৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ ৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে, প্ৰশাসনৰ তৰফৰ পৰা এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ ফলত নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা মথাউৰীটো পুনৰ ভাগি যায় ৷

যাৰফলত প্ৰায় ১২ খন গাঁৱৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীত ডুব যায় ৷ ইফালে ভুক্তভোগী ৰাইজে গেছ পাইপ বহুৱা প্ৰতিষ্ঠান ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ ওপৰত প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ যদি এই কোম্পানীটোৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে স্থানীয় কৃষক ৰাইজে ৷

লগতে পঢ়ক : Assam Flood Review: বানপানীৰ ক্ষয়-ক্ষতিৰ বুজ লৈ দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক কেন্দ্ৰীয় প্ৰতিনিধি দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.