ETV Bharat / state

Teok viral video:চোৰাং গৰু বেহাৰে জড়িত আমছু খিলঞ্জীয়াৰ নেতা !

অবৈধ গৰু বেহাৰে জড়িত ব্যৱসায়ীৰে আমছু নেতাৰ ৰাজপথত ধন দাবীৰ ভিডিঅ ভাইৰেলৰ পাছতে টীয়কত সৰ্বতে তীব্ৰ প্ৰতিক্ৰিয়া । টীয়ক আঞ্চলিক ছাত্র সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

Cattle smuggling in Assam
ৰাজ্য়ত গৰুৰ চোৰাং বেহা
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:15 PM IST

ৰাজ্য়ত গৰুৰ চোৰাং বেহা

টীয়ক, ৩০ আগষ্ট : ৰাজ্য়ত অবাধে চলি আছে গৰুৰ চোৰাং বেহা । এই বেহাৰে বিভিন্ন সংগঠনৰ নেতা জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইয়াৰ মাজতেই অবৈধ গৰু বেহাৰে জড়িত কাকজানৰ যুৱক আৰু আমছু খিলঞ্জীয়া নামৰ সংগঠনটোৰ নেতাৰ মাজত হোৱা কথোপকথনৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে টীয়কৰ বিভিন্ন সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উক্ত ঘটনা সন্দৰ্ভত অন্যান্য দল সংগঠনৰ সমান্তৰালকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টীয়ক আঞ্চলিক ছাত্র সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিয়ে ।

টীয়ক আঞ্চলিক ছাত্র সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাইৰেল ভিডিঅই প্ৰশাসনৰ দুৰ্বল স্থিতিৰ বাবেই যে দিনে নিশাই টীয়কৰ কাকজান, মুদৈজান, দ-গাঁও, জাঁজীমুখ, চিন্তামণিগড়ৰৰ পৰা গৰুৰ অবৈধ বেহা নিতৌ চলি আছে তাৰ প্ৰমাণ কৰিছে । সংগঠন চলাবলৈ টকা তুলিছে অবৈধ গৰু ব্যৱসায়ী পৰা আমছু নামৰ সংগঠনৰ নেতাই । এই বিষয়টো ভিডিঅ'ত স্পষ্ট ভাৱে প্ৰকাশ পাইছে ।

লগতে পঢ়ক:Minister Pijush Hazrika: 48 ঘন্টাৰ ভিতৰত ৰং সলনি কৰিলে তিতাবৰৰ প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্তই

ইফালে, কাকজান,দ-গাঁও আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰুৰ অভিকেন্দ্ৰ বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে ভাইৰেল হোৱা ভিডিঅ'ত হোৱা কথোপকথনে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ভিডিঅ'টোত স্পষ্ট ৰূপত সংগঠনৰ নেতাই কৈছে কাকজান, দ-গাঁও, মুদৈজানৰ পৰা দৈনিক বহু গৰু গাড়ী যোৱাৰ কথা । এতিয়া কাৰ সহযোগিতাত এইদৰে অবৈধভাৱে নিতৌ শ শ গৰু সৰবৰাহ হৈ আছে তাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত । সেয়ে উপযুক্ত তদন্ত কৰি গৰু চোৰাং বেপাৰৰ এই চক্ৰটোৰ বিৰুদ্ধে জিলা প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আছু আৰু যুৱ ছাত্র পৰিষদে । এই সংগঠন দুটাই লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপো দাবী কৰিছে ।

লগতে পঢ়ক:China Standard Map Controversy: চীনৰ ভূখণ্ডত অৰুণাচলক চামিল; চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী বিৰোধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.