ETV Bharat / state

টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ নেতৃত্বত চেনিটাইজেশ্যন

author img

By

Published : Apr 15, 2020, 3:48 PM IST

অঞ্চলবাসী ৰাইজক ক'ৰণা ভাইৰাছৰ পৰা মুক্ত কৰিবলৈ সকলো স্থানতে চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিছে অগপৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাই ৷

ETV BHARAT
কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ নেতৃত্বত চেনিটাইজেছন

টীয়ক, 15 এপ্ৰিলঃ টীয়কত কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ নেতৃত্বত চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ সমষ্টিটোৰ প্ৰায় সকলো অঞ্চলতে ইতিমধ্যে চেনিটাইজেশ্যন কৰিছে বিধায়িকা গৰাকীয়ে ৷

সমগ্ৰ বিশ্বতে এতিয়া কৰ'ণা ভাইৰাছৰ আতংক । ইতিমধ্যে এই ৰোগত লাখ লাখ লোকৰ প্ৰাণনাশ হৈছে ৷ অসমতো ইতিমধ্যে বিভিন্ন প্ৰান্তত ৩১ জনকৈ ব্যক্তি আক্ৰান্ত হৈছে কোভিড-১৯ত ৷ দুৰ্ভাগ্যজনকভাৱে এজন লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । এনে সময়তে টীয়ক সমষ্টিৰ বিভিন্ন জনবহুল অঞ্চলত অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ নেতৃত্বত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছে ৷ অঞ্চলটোৰ মঠ-মন্দিৰ, নামঘৰ,বিদ্যালয়,ব্যৱসায়িক প্ৰতিষ্ঠানত সকলো অনুষ্ঠান-প্ৰতিষ্ঠানতেই চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছে বিধায়িকা গৰাকীয়ে ৷ কৰ'ণামুক্ত কৰি অঞ্চলবাসীক ইয়াৰ পৰা পৰিত্ৰাণ দিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে অগপৰ জিলা সম্পাদক বিকাশ শইকীয়াই ।

লগতে পঢ়ক- ৰাজ্যত অধিক কঠোৰ কৰা হ’ব লক ডাউন আইনঃ অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.