ETV Bharat / state

দিহিং পাটকাই সুৰক্ষাৰ দাবীত মৰিয়নিৰ গিবন অভয়াৰণ্যত আছুৰ প্ৰতিবাদ

author img

By

Published : May 27, 2020, 3:32 PM IST

প্ৰতিকূল বতৰকো নেওচি দিহিং পাটকাই সুৰক্ষাৰ দাবীত মৰিয়নী গিবন অভয়াৰণ্যত আছুকে ধৰি বহুকেইটা সংগঠনৰ মানৱ শৃংখল কাৰ্য্যসূচীৰে প্ৰতিবাদ ৷

all assam student union at mariani gibbon wildlife santcuray protest
মৰিয়নিৰ গিবন অভয়াৰণ্যত আছুৰ প্ৰতিবাদ

মৰিয়নি,27মেঃ দিহিং পাটকাই সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে মৰিয়নিৰ গিবন অভয়াৰণ্যত তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত বৃহৎ মানৱ শৃংখল কাৰ্যসূচী । গিবন অভয়াৰণ্যৰ সমীপৱৰ্তী ধোদৰ আলিত প্ৰতিকূল বতৰকো নেওচি শতাধিক ছাত্ৰ কৰ্মীয়ে দিহিং পাটকাই সুৰক্ষাৰ দাবী জনায় । হাতে হাতে প্লেকাৰ্ড লৈ দিহিং পাটকাইক সুৰক্ষিত কৰক, মুক্ত কয়লা খনন বন্ধ কৰক ইত্যাদি শ্লোগানেৰে সামাজিক ব্যৱধান ৰক্ষা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

মৰিয়নিৰ গিবন অভয়াৰণ্যত আছুৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সাংগঠনিক সম্পাদক জুল খাউণ্ড, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাজ বাঢ়ৈ বৰা, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰা, সাধাৰণ সম্পাদক মাধুৰ্য পাঠক, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈ, ক্ৰীড়া সম্পাদক দ্বীপ দত্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডেভিদ হাজৰিকা, আটছা যোৰহাট জিলা সমিতিৰ উপ সভাপতি ভাইজান ৰবিদাস, সন্থাকে ধৰি বহু আঞ্চলিক ছাত্ৰ সন্থাৰ ছাত্ৰ কৰ্মী উপস্থিত থাকি প্ৰতিবাদী কাৰ্য সূচী ৰূপায়ন কৰে ।

লগতে পঢ়কঃ কৰিমগঞ্জৰ লেব’ৰেটৰীত পিপিই কিটৰ অভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.