ETV Bharat / state

All Assam Cricket : টীয়কত সদৌ অসম টেনিছ বল ক্ৰিকেটৰ সামৰণি - All Assam prizemoney cricket in Teok

টীয়কৰ হাঁহচৰাত কলিয়াপানী বিজেপি অ'বিচি মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত সদৌ অসম দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাত এজাৰগুৰি ৰুবুল একাদশ চূড়ান্ত বিজয়ী (day night tennis ball cricket in Teok) । খেলৰ প্ৰাকক্ষণত বয়োজ্যেষ্ঠক সম্বৰ্ধনা জনালে সমাজকৰ্মী লাচিত গগৈয়ে ।

Teok
Teok
author img

By

Published : Jan 12, 2023, 1:34 PM IST

Updated : Jan 12, 2023, 2:15 PM IST

টীয়কত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

টীয়ক, ১২ জানুৱাৰী : টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডল বিজেপিৰ অ'বিচি মৰ্চা (BJP OBC Marcha) আৰু যুৱ মৰ্চাৰ উদ্যোগত (BJP Yuva Marcha) আয়োজিত সদৌ অসম দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি (day night tennis ball cricket in Teok) ।

শনিবাৰৰ পৰা হাঁহচৰাত অনুষ্ঠিত হয় এই সদৌ অসম প্ৰাইজমানী দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা (All Assam prizemoney cricket in Teok) । প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় বুধবাৰে । ফ্লাড লাইটৰ তলত অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন যোৰহাটৰ এজাৰগুৰি ৰুবুল একাদশ আৰু প্ৰাগজ্যোতিষ একাদশৰ মাজত অনুষ্ঠিত হয় । চূড়ান্ত খেলখনৰ পূৰ্বে এক সম্বৰ্ধনা আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে উদ্যোক্তাসকলে ।

কলিয়াপানী মণ্ডল বিজেপিৰ উপ-সভাপতি অভিজিত বৰুৱাই আঁত ধৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানত জিলা বিজেপি যুৱ সভাপতি হেমন্ত কলিতা, কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি অজয় ভট্টাচাৰ্য, জিলাৰ কাৰ্যনিৰ্বাহক সদস্যা ৰুমী চেতীয়া, কলিয়াপানী মণ্ডল অ'বিচি মৰ্চাৰ সভাপতি মণ্টু শইকীয়া, টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, জিলাৰ মহিলা মৰ্চাৰ সম্পাদিকা বিনীতা শইকীয়া, জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ৰিজু কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি সমষ্টিটোৰ অন্তৰ্গত কলিয়াপানী আৰু চিপাহীখোলা মণ্ডলৰ সকলো কাৰ্যকৰ্তাৰ লগতে স্থানীয় বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে (All Assam cricket tournament in Teok Jorhat) ।

উল্লেখযোগ্য যে উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী লাচিত গগৈ উপস্থিত থাকি যুৱমৰ্চাৰ এই পদক্ষেপক আদৰণি জনায় । লগতে এই ক্ৰীড়াৰ পৰিবেশে সকলোৰে মাজত ভাতৃত্ববোধ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে । ইপিনে বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে অঞ্চলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক একোখনকৈ গামোচা, চেলেং আৰু সঁফুৰাৰে সম্বৰ্ধনা জনাই সেৱা লয় । লগতে ভৱিষ্যতেও এনেদৰে সমাজৰ হকে কাম কৰি যোৱাৰ আশীৰ্বাদ বিচাৰে । উল্লেখ্য, চূড়ান্ত খেলখনত দুয়োটা দলৰ সুন্দৰ প্ৰদৰ্শনৰ অন্তত ৮ উইকেটত এজাৰগুৰিৰ ৰুবুল একাদশে জয় লাভ কৰি বিজয়ী খিতাপ দখল কৰে ।

লগতে পঢ়ক :Border sports festival 2023: ক্ৰীড়াই সমাজত শান্তি-সহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি কৰে: অশোক সিংঘাল

Last Updated : Jan 12, 2023, 2:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.