ETV Bharat / state

উজনিত কংগ্ৰেছ শূন্য; কয়লা ছিণ্ডিকেট চলাবলৈ বিজেপিত যোগ দিলে ৰূপজ্যোতিয়ে

ৰাইজৰ স্বাৰ্থত নহয়, কেৱল কমিচনৰ অংকত বিজেপিত যোগদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে ৷ উজনিত কংগ্ৰেছৰ ভেঁটি একেবাৰে খহিল ৷ মৰিয়নীত বিজেপিক সহায়ৰ বাবেহে প্ৰাৰ্থী দিলে কংগ্ৰেছে ৷ মৰিয়নীৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ হৈ চলোৱা উপ-নিৰ্বাচনৰ প্ৰচাৰ কালত এইদৰে কয় অখিল গগৈয়ে ৷

akhil gogoi reacts on by polls of assam
কয়লা ছিণ্ডিকেট চলাবলৈ বিজেপিত যোগ দিলে ৰূপজ্যোতিয়ে
author img

By

Published : Oct 21, 2021, 6:37 PM IST

যোৰহাট, 21 অক্টোবৰ : 'ৰূপজ্যোতি কুৰ্মীয়ে কেৱল মাত্ৰ কমিচনৰ অংকত বিজেপিত যোগ দিছে ৷ কুৰ্মীয়ে বিজেপিত যোগ দিয়াৰ উদ্দেশ্য মাত্ৰ এটাই, নগা পাহাৰৰ পৰা অহা কয়লাৰ ছিণ্ডিকেট চলোৱা ৷ মৰিয়নীত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক কটাক্ষ কৰি এইদৰে মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে ৷

মৰিয়নী সমষ্টিত যিধৰণে উন্নয়ন হ'ব লাগিছিল সেইদৰে উন্নয়ন হোৱা নাই ৷ বিধায়ক কালত সমষ্টিটোত কেৱল কমিচনৰাজ চলালে ৰূপজ্যোতি কুৰ্মীয়ে ৷ মৰিয়নীৰ সামগ্ৰীক উন্নয়ন সম্ভৱ হ'বলৈ হ'লে ৰাইজৰ দলৰ প্ৰাৰ্থীক ৰাইজে নিৰ্বাচিত কৰিব লাগিব বুলি কয় অখিল গগৈয়ে ৷

লগতে পঢ়ক: মধ্য প্ৰদেশত দুৰ্ঘটনাত পতিত বায়ুসেনাৰ বিমান

তেওঁ কয়, ১০১ নং মৰিয়নী বিধানসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে ৷ গতিকে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ নিৰ্বাচনত জয়ী হোৱাটো প্ৰায় নিশ্চিত বুলি কয় অখিল গগৈয়ে ৷

কয়লা ছিণ্ডিকেট চলাবলৈ বিজেপিত যোগ দিলে ৰূপজ্যোতিয়ে

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ সন্দৰ্ভত কয়, বিজেপিক সহায় কৰিবৰ বাবেহে কংগ্ৰেছে মৰিয়নীত প্ৰাৰ্থীত্ব দিছে ৷ কংগ্ৰেছে যিগৰাকী ব্যক্তিক মৰিয়নীৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থী গৰাকীৰ কোনো স্থিতিয়ে নাই ৷ সমষ্টিটোত প্ৰাৰ্থী গৰাকীৰ প্ৰভাৱ একেবাৰে সীমিত ৷ সামাজিক প্ৰভাৱ নথকা এগৰাকী প্ৰাৰ্থীক ৰাইজে কেতিয়াও আস্থাত নলয় বুলি কয় অখিল গগৈয়ে ৷

লগতে পঢ়ক: উপ-নিৰ্বাচন : বতাহত মিলি গ’ল শত্ৰু-মিত্ৰৰ পৰিচয়

তদুপৰি উজনি অসমত কংগ্ৰেছ একেবাৰে শূন্য বুলি আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷ নামনি অসমৰ বাহিৰে উজনিত সাংগঠনিকভাৱে কংগ্ৰেছক ধৰি ৰাখিব পৰাকৈ বৰ্তমানে এজনো নেতা নাই ৷ এনে ক্ষেত্ৰত উজনি অসমৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটাত প্ৰভাৱ কেৱল ৰাইজৰ দল আৰু বিজেপিৰহে থাকিব ৷ অৰ্থাৎ উপ-নিৰ্বাচনৰ যুঁজখন কেৱল ৰাইজৰ দল আৰু বিজেপিৰ মাজতে হ'ব বুলি কয় অখিল গগৈয়ে ৷

উল্লেখ্য যে, বিভিন্ন পক্ষই উত্থাপন কৰা দুৰ্নীতিৰ অভিযোগৰ ওপৰতো স্থিতি স্পষ্ট কৰিছে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷ তেওঁ কয়, মই যদি সঁচাকৈয়ে দুৰ্নীতি আশ্ৰয় লৈছো, তেন্তে তাৰ প্ৰমাণ কৰক ৷ তথ্য সহকাৰে প্ৰমাণ কৰিব পাৰিলে ৰাজহুৱাভাৱে শাস্তি গ্ৰহণ কৰিবলৈ সাজু আছোঁ ৷ লগতে দুৰ্নীতিৰ শাস্তিৰ বাবে ৰাজহুৱা ফাঁচি ল'বলৈও সাজু বুলি স্থিতি স্পষ্ট কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক: অখিল গগৈয়ে দুমাহত থাওৰাবাসীৰ আস্থা লাভ কৰাতো অসম্ভৱ : সুশান্ত বৰগোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.