ETV Bharat / state

চেলেংহাটৰ স্ব-গৃহত উপস্থিত অখিল গগৈ(AKHIL GOGOI)

author img

By

Published : Jun 26, 2021, 3:31 PM IST

Updated : Jun 26, 2021, 9:22 PM IST

সুদীৰ্ঘ ডেৰ বছৰৰ পিছত পুত্ৰক কাষত পাইছে মাতৃয়ে । কিমান বাৰ যে, পুত্ৰক মুকলি কৰি দিবলৈ আহ্বান জনাইছিল তাৰ হিচাপ নাই । অৱশেষত ক্ষন্তেক সময়ৰ বাবে হ'লেও মনৰ আশা পূৰণ হ'ল অখিল গগৈ(AKHIL GOGOI)ৰ মাতৃ প্ৰিয়দা গগৈৰ । শনিবাৰে মাতৃৰ কাষত উপস্থিত হ'ল অখিল গগৈ ।

akhil gogoi has reached his home in selenghat
চেলংহাটৰ বাসগৃহত উপস্থিত অখিল গগৈ

যোৰহাট, ২৬ জুন : শুকুৰবাৰে নিশা গুৱাহাটীত পত্নী-পুত্ৰৰ সৈতে সময় কটোৱাৰ পিছত শনিবাৰে মাতৃ প্ৰিয়দা গগৈৰ কাষত উপস্থিত হ'ল অখিল গগৈ(AKHIL GOGOI) । ফুলাম গামোচা, গাঁওবাসী, সমৰ্থকৰ মৰমেৰে আদৰি নিয়া হ'ল শিৱসাগৰৰ সমষ্টিৰ বিধায়কগৰাকীক । সকলোৰে মনত সীমাহীন আনন্দ । ক্ষন্তেকৰ বাবে হ'লেও প্ৰিয় নেতাজন কাৰাগাৰৰ পৰা ওলাইছে ।

যোৰহাটৰ চেলেংহাটৰ বাসগৃহত আনন্দমুখৰ পৰিৱেশ । স্ব-গৃহত উপস্থিত হৈয়ে মাতৃ প্ৰিয়দা গগৈক সাৱটি ধৰিলে কৃষক নেতা অখিল গগৈয়ে । ৰোমন্থন কৰিলে পুৰণি দিনৰ স্মৃতি । মৰমৰ পুত্ৰলৈ মাতৃয়ে যতনেৰে যি ৰান্ধিছে, সেয়া তৃপ্তিৰে খাবলৈ হেঁপাহ কৃষক নেতা তথা বৰ্তমানৰ শিৱসাগৰৰ বিধায়কগৰাকীৰ ।

আনহাতে, বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এনেদৰে প্ৰথমবাৰৰ বাবে আপোন ঘৰখনত উপস্থিত হৈছে অখিল গগৈ । সমৰ্থকৰ মাজতো পাৰভঙা উছাহ । কি খুৱাব, কি কৰিব তাকে লৈ চলি থকা জল্পনা-কল্পনাৰ ওৰ পৰিল ।

চেলেংহাটৰ স্ব-গৃহত উপস্থিত অখিল গগৈ

অখিল গগৈৰ আগমনৰ আনন্দত গাঁৱৰ মহিলাসকলে ৰান্ধিছে বিধে বিধে জুতি লগা খাদ্য । আনহাতে, শীঘ্ৰে সমষ্টিলৈ উভতি অহাৰ আশ্বাস দিলে অখিল গগৈয়ে । তেওঁ সমৰ্থকসকলক উদ্দেশ্যি কয় যে, শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব আৰু শিৱসাগৰ সমষ্টিক বিশ্ব পৰ্যটনৰ ক্ষেত্ৰলৈ পৰিবৰ্তন কৰিব ।

ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ৰূপজ্যোতিয়ে ভুল সিদ্ধান্ত লৈছে । উল্লেখ্য যে, অখিল গগৈয়ে মাতৃ আৰু পুত্ৰক সাক্ষাৎ কৰাৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (National Investigation Agency)ৰ আদালতত আবেদন জনাইছিল । সেই আবেদনৰ ভিত্তিত আদালতে অখিল গগৈক দুদিনৰ বাবে মুকলি কৰি দিয়া হয় । অৱশ্যে দুদিনৰ বাবে মুকলি হ'লেও তেওঁৰ লগত নিৰাপত্তাৰক্ষী দিয়া হৈছে ।

লগতে পঢ়ক: পত্নী-পুত্রৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ ঢাপলি মেলিলে অখিল গগৈয়ে

Last Updated : Jun 26, 2021, 9:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.