ETV Bharat / state

হিন্দু বাংলাদেশীৰ ভোট পোৱাৰ স্বাৰ্থতে অমিত শ্বাহে এনেধৰণৰ কথা কৈছে : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ - অমিত শ্বাহ

গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাৰ ৷ বিজেপিয়ে হিন্দু বাংলাদেশীৰ ভোট আদায় কৰাৰ এক কৌশল গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে তেওঁ ৷

AJYCP Reacts to Amit Shah Remarks on CAA
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 4:53 PM IST

অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া

যোৰহাট, 30 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন অৰ্থাৎ 'কা' (CAA) ৰ প্ৰসংগ ৷ বুধবাৰে 'কা' সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ কলকাতাৰ এখন জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰই নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ 'কা' কাৰ্যকৰী কৰাৰ পথত আগবাঢ়ি আছে বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে, এই আইন কাৰ্যকৰী হ’বই আৰু ইয়াক কোনোৱে বন্ধ কৰিব নোৱাৰে ৷

অমিত শ্বাহৰ এই মন্তব্যৰ পাছতেই অসমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ 'কা' বিৰোধী বিভিন্ন দল-সংগঠনৰ নেতাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াৰ ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাই কয় যে, নিৰ্বাচন আহিলেই বিজেপিয়ে 'কা' নামৰ ট্ৰাম্পকাৰ্ডখন ব্যৱহাৰ কৰে ৷ ইয়াৰ জৰিয়তে বিজেপিয়ে হিন্দু -বাংলাদেশীৰ ভোট আদায় কৰাৰ এক কৌশল গ্ৰহণ কৰে ৷

তেওঁ পুনৰ কয় যে, অসম আন্দোলনৰ জৰিয়তে হোৱা অসম চুক্তি খিলঞ্জীয়াৰ প্ৰভূত্ব ৰক্ষাৰ বাবে হৈছিল কিন্তু ধৰ্মৰ ভিত্তিত হোৱা নাছিল ৷ আনহাতে 'কা'ৰ জৰিয়তে বিজেপিয়ে অসমখনক ধৰ্মৰ ভিত্তিত বিভাজন কৰিবলৈ চেষ্টা কৰিছে আৰু যুৱ ছাত্ৰ পৰিষদে ইয়াক কেতিয়াও হ'বলৈ নিদিয়ে বুলি মন্তব্য কৰে তেওঁ ৷

আনহাতে নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ 'কা'ৰ বিৰোধিতাৰে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠন মহামান্য উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হৈছিল ৷ তাৰ পিছতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্য যে এক নিৰ্বাচনকেন্দ্ৰিক সেয়া স্পষ্ট বুলি উল্লেখ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাজনে ৷ উল্লেখ্য যে, কেইদিনমান পূৰ্বে নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ 'কা'ৰ অধিনিয়ম অহা মাৰ্চ মাহৰ ভিতৰত নিৰ্ধাৰণ কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰই ঘোষণা কৰাৰ পিছত বুধবাৰে কলকাতাৰ এক সভাত অংশগ্ৰহণ কৰি অমিত শ্বাহে শীঘ্ৰে 'কা' বলৱৎ হ'ব বুলি ঘোষণা কৰে ৷ ইয়াৰ পিছতেই অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : আকৌ কা... অমিত শ্বাহক হিটলাৰ আখ্যা অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.