ETV Bharat / state

ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ দাবীত যোৰহাটত AJYCPৰ প্ৰতিবাদ - AJYCP protest demanding transfer of dumping ground

যোৰহাট নগৰৰ মাজ-মজিয়াত থকা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিলে সংগঠনটোৱে (AJYCP protest demanding transfer of dumping ground)। ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰো দাবী জনালে AJYCPয়ে । যোৰহাট পৌৰসভাৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে যোৰহাটবাসী ।

AJYCP
ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ দাবীত যোৰহাটত AJYCPৰ প্ৰতিবাদ
author img

By

Published : Jul 6, 2022, 5:36 PM IST

যোৰহাট,৬ জুলাই : গুৱাহাটীৰ বৰাগাঁওস্থিত ডাম্পিং গ্ৰাউণ্ডৰ দৰে একে পৰিৱেশ এতিয়া যোৰহাটত । যোৰহাটৰ গড়মূৰ ডাম্পিং গ্ৰাউণ্ডৰ বাবেও এতিয়া হাৰাশাস্তি ভূগিছে অঞ্চলটোৰ ৰাইজে । ডাম্পিং গ্ৰাউণ্ডৰ দুৰ্গন্ধময় পৰিৱেশৰ মাজতে বাস কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । বায়ু প্ৰদূষণৰ এক ভয়ংকৰ পৰিৱেশ যোৰহাটত দেখিবলৈ পোৱা গৈছে ।

যোৰহাট পৌৰসভাৰ অমনোযোগিতাৰ বাবেই সমস্যাত পৰিছে যোৰহাটবাসী । দীৰ্ঘদিন ধৰি এই সমস্যাৰ সন্মুখীন হৈ থকা স্বত্ত্বেও যোৰহাটবাসীৰ কথা চিন্তা কৰা নাই পৌৰসভা তথা প্ৰশাসনে । দৈনিক ৯০ টনৰো অধিক জাৱৰ গড়মূৰ জাৱৰ নিষ্কাশন থলীত পেলোৱা হয় যদিও বিজ্ঞান সন্মতভাৱে নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই যোৰহাট চহৰখনৰ দক্ষিণ অংশত এতিয়া বায়ু প্ৰদূষণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

আনহাতে পৌৰসভাই চহৰখনত খোৱাপানী যোগানৰ নামতো ৰাইজক ৰামঠগন দিয়া পৰিলক্ষিত হৈছে (Water supply of Jorhat Municipality)। কৰ পৰিশোধ কৰা ৰাইজক পৌৰসভাই অতি নিম্ম মানৰ পানী যোগান ধৰাৰ অভিযোগ উঠিছে । যোৰহাট পৌৰসভাৰ এনে কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে যোৰহাটবাসী । যাৰ বাবে পৌৰসভাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগৰখনৰ নাগৰিক ।

সাধাৰণ নাগৰিকৰ লগতে বিভিন্ন দল-সংগঠনেও পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে । এইবাৰ যোৰহাটবাসীৰ বিভিন্ন সমস্যা সমাধানৰ দাবী ৰাজপথলৈ ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP protest against Jorhat municipality)। যোৰহাট নগৰৰ মাজ-মজিয়াত থকা ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিলে সংগঠনটোৱে । লগতে যোৰহাট নগৰৰ ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰো দাবী জনালে সংগঠনটোৱে (AJYCP protest at Jorhat)। এই সমস্যাসমূহ সমাধান নহ'লে সংগঠনটোৱে পৌৰসভাৰ বিৰুদ্ধে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক :কৰিমগঞ্জত খ্ৰীষ্ট ধৰ্মত ধৰ্মান্তৰিত কৰাৰ প্ৰয়াস মিজো যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.