যোৰহাট, 27মে’: যোৰহাটৰ জেইল ৰোডস্থিত বৰুৱা ছাৰ্জিকেল চেন্টাৰ নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে নিজাববীয়াকৈ চিকিৎসাৰ নামত ৰোগীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সম্প্ৰতি এই ঘটনা ফাদিল হোৱাৰ পিচতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালয়কৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । যুৱ ছাত্ৰ পৰিষদে এই ঘটনা তীব্ৰ নিন্দা কৰা লগতে ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰি অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
উল্লেখযোগ্য যে, এই সমগ্ৰ ঘটনাৰ সবিশেষ জানিবৰ বাবে সাংবাদিকৰ এটা দল ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খনত উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ইফালে চিকিৎসালয়খনৰ এগৰাকী চিকিৎসক ডাঃ একে শৰ্মাই কয় যে, আমাৰ ইয়াত ক’ভিড-19ৰ চিকিৎসাৰ নামত আণ্ডাৰ টেকীং লোৱা হয় আৰু চিকিৎসালয় খনত এখন ফলকত এইয়া স্পষ্টকৈ উল্লেখ আছে য’ত উল্লেখ কৰা আছে ক’ভিড চিকিৎসাৰ বাবদ হ’বলগীয়া খৰচৰ তালিকা । কিন্তু সাংবাদিকে এই মহামাৰীৰ সময়ত এনেদৰে চিকিৎসাৰ নামত অত্যাধিক চিকিৎসা মাচুল লোৱাটো কিমান যুক্তিসংগত বুলি প্ৰশ্ন কৰোতেই চিকিৎসালয়খনক সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷
এতিয়া প্ৰশ্ন হয় ৰাজ্যত ক’ভিড চিকিৎসাৰ নামত এনেদৰে একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৰোগীক আৰু কিমান দিনলৈ এনেদৰে চলাই যাব লুন্ঠন ? এই সমূহ চিকিৎসালয়ক নিয়ন্ত্ৰন কৰিবলৈ চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়কঃ নলবাৰীৰ কথিত ভাষাক লৈ ইতিকিং কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ