ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ উত্তাল প্ৰতিবাদ - যোৰহাট জিলা সমিতি

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল যোৰহাট । অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্য ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতিও দাহ কৰে প্ৰতিবাদকাৰীসকলে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল যোৰহাট

author img

By

Published : Feb 5, 2021, 7:46 PM IST

যোৰহাট, ৫ ফেব্ৰুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাইছে । শুকুৰবাৰে মূল্যবৃদ্ধি ৰোধৰ দাবীত যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে । যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ নেতা-কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ লগতে পেট্ৰ'ল আৰু ডিজেলৰ বৰ্দ্ধিত মূল্য ৰোধৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল যোৰহাট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে প্ৰতিবাদীকাৰীসকলে । লগতে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

লগতে পঢ়ক:বিশ্বনাথৰ বন বিভাগৰ অভিযানত আটক গঁড়ৰ খড়্গ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.