ETV Bharat / state

'কা' বাতিলৰ দাবীত যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ৰাজ্যত পুনৰ নাগৰিকত্ব বিৰোধী আন্দোলনৰ উকমুকনি । জাতিধ্বংসী আইনৰ বিৰোধিতাৰে যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল । চৰকাৰ বিৰোধী শ্ল'গানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে সংগঠনটোৰ কৰ্মকৰ্তাই ।

'কা' বাতিলৰ দাবীত যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
'কা' বাতিলৰ দাবীত যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Dec 11, 2020, 6:47 PM IST

যোৰহাট, ১১ ডিচেম্বৰ : ২০১৯ চনৰ আজি দিনটোতে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিছিল । আইনখন গৃহীত হোৱাৰ পূৰ্বৰে পৰা আৰু পিছতো অসমত প্ৰতিবাদৰ জোৱাৰ উঠিছিল । সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত গণ সত্যাগ্ৰহে অসমীয়াৰ মন জাতীয়তাবাদে জোকাৰি গৈছিল । জাতিৰ স্বাৰ্থত প্ৰাণ আহুতি দিছিল ৫ জনকৈ নিৰীহ লোকে । তথাপিও জাতিধ্বংসী আইনৰ বিৰোধিতা কৰিয়েই আছে অসমীয়া ৰাইজ আৰু জাতীয় সংগঠনসমূহে ।

আজি বিধেয়কখন গৃহীত হোৱাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি শ্বহীদৰ কেঁচা তেজ অথলে যাবলৈ নিদিয়াৰ সংকল্প ল'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট সমিতিয়ে । আজি সাহিত্য সভা কাৰ্যালয়ৰ সন্মুখৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈকে প্ৰতিবাদী সমদল উলিয়ায় সংগঠনটোৱে । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:কৰিমগঞ্জত বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.