ETV Bharat / state

অস্তিত্বৰ সংকটত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান - AJYCP on JIST

AJYCP on JIST : ইণ্ডিয়ান ইনষ্টটিউট অব ছায়েঞ্চৰ আৰ্হিত পূৰ্ণ পৰ্যায়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গঢ়ি তোলাৰ দাবী যুব-ছাত্ৰ পৰিষদৰ । গভীৰ অস্তিত্বৰ সংকটত পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ জিষ্টৰ বিজ্ঞান শাখা ।

অস্তিত্বৰ সংকটত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 7:03 PM IST

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

যোৰহাট, ১২ জানুৱাৰী : ১৯৭১ চনতে তদানীন্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ কাৰ্যকালত স্থাপন কৰা তথা প্ৰাক্তন শিক্ষামন্ত্ৰী দেৱকান্ত বৰুৱাৰ সপোনৰ যোৰহাট বিজ্ঞান মহাবিদ্যালয়ে পৰৱৰ্তী সময়ত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰে । কিন্তু শিক্ষানুষ্ঠানখনৰ বৰ্তমানৰ অৱস্থাক লৈ অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।

শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক বাবু দত্তই ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানখনৰ বিজ্ঞান শাখাক ক্ৰমাৎ মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে । কিয়নো অসমৰ দ্বিতীয়খন চৰকাৰী স্নাতক মহাবিদ্যালয়ে হেৰুৱাবলগা হৈছে পূৰ্বৰ গৰিমা । অসম চুক্তিৰ আৰ্হিত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ২০০৬ চনৰ ৩০ আগষ্ট ত উচ্চ শিক্ষা সঞ্চালকক যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ নিৰ্দেশনা পঠাইছিল ।

সেই অনুসৰি ২০০৮ চনৰ ১৮ নৱেম্বৰত অসম চৰকাৰে যোৰহাট বিজ্ঞান মহাবিদ্যালয়ক যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰে । তদুপৰি, প্ৰতিষ্ঠানখন পৰিচালনা কৰিবৰ বাবে অসম চৰকাৰে মুখ্য সচিবৰ নেতৃত্বত এখন ছ'চাইটী গঠন কৰি দিয়ে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হোৱাৰ পিছত দুটা নতুন পাঠ্যক্ৰম ETC আৰু PEI সংযোজন কৰাৰ লগতে ৰসায়ন বিজ্ঞান,পদাৰ্থ বিজ্ঞান আৰু গণিত বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম খোলাৰ পিছত পিএইচডি পাঠ্যক্ৰম আৰম্ভ কৰা হয় ।

তদুপৰি, অভিযান্ত্ৰিক দুটা শাখা চিভিল আৰু মেকানিকেল ইঞ্জিনিয়াৰিং আৰম্ভ হয় । কিন্তু পৰৱৰ্তী সময়ত সৃষ্টি হোৱা কেতবোৰ চৰকাৰী পক্ষৰ দুৰ্ভাগ্যজনক স্থিতিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সংবাদমেলখনত ক্ষোভ প্ৰকাশ কৰে । ২০১৬ চনৰ ৩০ ডিচেম্বৰত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে এক নিৰ্দেশনা জাৰি কৰি এই অনুষ্ঠানটোৰ পৰিচালনাৰ দায়িত্ব জিষ্ট ছ'চাইটীৰ পৰা অসম চৰকাৰৰ উচ্চ শিক্ষা (কাৰিকৰী) বিভাগৰ অধীনলৈ আনে আৰু এই অনুষ্ঠানক এখন পূৰ্ণাঙ্গ পৰ্যায়ৰ অভিযান্ত্ৰিক মহবিদ্যালয় হিচাপে ঘোষণা কৰে ।

কিন্তু নিৰ্দেশনাটোত স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি পাঠ্যক্ৰম থকা বিজ্ঞান বিষয়ৰ সম্পৰ্কত কোনো চিন্তা নকৰিলে । চৰকাৰে বিজ্ঞান শাখাৰ দায়িত্ব আজিলৈকে আনুষ্ঠানিকভাৱে গ্ৰহণ নকৰাৰ ফলত পঞ্চাছ বছৰ গৰকা ঐতিহ্যমণ্ডিত বিজ্ঞান শাখাটোক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি সাংবাদমেলত সংগঠনটোৱে অভিযোগ কৰে ।

সেয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে জাৰি কৰা ATE131/2013/97 নং নিৰ্দেশনা সংশোধন কৰি এখন পূৰ্ণাঙ্গ অভিযান্ত্ৰিক মহবিদ্যালয়ৰ পৰিৱৰ্তে বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ পাঠ্যক্ৰম থকা এখন পূৰ্ণ পৰ্যায়ৰ বিজ্ঞান আৰু প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰাৰ দাবী জনাইছে ।

তদুপৰি, ইতিপূৰ্বে গঠন কৰা বিভিন্ন কমিটীৰ প্ৰতিবেদন, ছাত্ৰ সমাজৰ দাবী আৰু অসম চুক্তিৰ আধাৰত জিষ্টক ইণ্ডিয়ান ইনষ্টটিউট অব ছায়েঞ্চৰ আৰ্হিত উচ্চ পৰ্যায়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ দাবী জনায় । সংগঠনটোৰ আন এক দাবী অনুসৰি, স্নাতকোত্তৰ আত্মবিত্তীয় পাঠ্যক্ৰমৰ (Self finance course) বাবদ উচ্চ হাৰত মাচুল সংগ্ৰহ কৰি এক বৃহত পৰিমাণৰ ধন অধ্যক্ষগৰাকীয়ে কোনো ধৰণৰ নীতি-নিয়ম নোহোৱাকৈ নিজৰ খেয়াল-খুচি অনুসৰি খৰচ কৰি আছে ।

গতিকে এই পাঠ্যক্ৰমৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ দাবী জনায় অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিয়ে । সংগঠনটোৰ আন এক দাবী অনুসৰি, বৰ্তমানৰ শিক্ষা ব্যবস্থাৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উন্নত মানৰ পৰীক্ষাগাৰ আৰু পৰ্যাপ্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰা, প্ৰতিষ্ঠানখনত তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে প্ৰথম ষাণ্মাসিকৰ অসমীয়া বিষয়ৰ পাঠদান কৰাই থকাটো শৈক্ষিক সমাজৰ বাবে লজ্জাজনক ।

সেয়ে প্ৰতিষ্ঠানখনত খালী হৈ থকা পদসমূহত উপযুক্ত প্ৰাৰ্থীক নিয়োজিত কৰাৰ দাবী জনায় । তদুপৰি, উপযুক্ত আৰু উন্নত মানৰ পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহৰ লগতে আন্তগাঁথনি উন্নত কৰা, লাইফ ছায়েন্স, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ লগতে সময়োপযোগী বিভাগ প্ৰৱৰ্তন কৰিবলৈও দাবী জনায় । সংগঠনটোৱে এই সাতদফীয়া দাবী সম্বলিত এক স্মাৰক-পত্ৰ যোৰহাটৰ আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ পৃথকে পৃথকে প্ৰেৰণ কৰে ।

সংবাদমেলখনত অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া শিৱ কলিতা, সূৰয কলিতা, নৱজ্যোতি বৰা তথা যোৰহাট জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক :নগাঁও ছোৱালী কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.