ETV Bharat / state

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজত বিভাজনঃ বহিষ্কৃত সদস্যই গঠন কৰিলে নতুন সংগঠন - ৰিতুল পাঠক

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহিষ্কৃত একাংশ সদস্যৰ সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নামেৰে নতুন জাতীয় সংগঠনৰ ৰূপত আত্মপ্ৰকাশ ৷ প্ৰত্যুত্তৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল ৷ সংগঠনৰ সংবিধান উলংঘা কৰাৰ অভিযোগত বহিষ্কৃত হৈছিল ৰিতুল পাঠক আৰু বিৰাজ কুমাৰ তালুকদাৰ ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজত বিভাজনঃ বহিষ্কৃত সদস্যই গঠন কৰিলে নতুন সংগঠন
author img

By

Published : Aug 26, 2019, 9:06 PM IST

যোৰহাট, 26 আগষ্টঃ একালৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহিষ্কৃত একাংশ সদস্যই আত্মপ্ৰকাশ কৰিলে সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নামেৰে এটা নতুন জাতীয় সংগঠনৰ ৰূপত ৷ সোমবাৰে যোৰহাটৰ প্ৰেছ ক্লাৱত সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বহিষ্কৃত সদস্য তথা নতুন সংগঠনটোৰ মুখ্য উপদেষ্টা দীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, সভাপতি বিৰাজ কুমাৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক ৰিতুল পাঠকে ৷ সংবাদমেলত তেওঁলোকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সম্প্ৰতি গেৰুৱা কৰণৰ দিশত গতি কৰিছে বুলি মন্তব্য কৰে ৷ তাৰ পৰিৱৰ্তে নতুনকৈ গঠন হোৱা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমত পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন,আন্ত:ৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা আৰু অসমত দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তনক মূল দাবী হিচাপে লৈ সংগ্ৰাম কৰি যাব ৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবিধান অনুসৰি তেওঁলোকক অব্যাহতি দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত কি কাৰণত তেওঁলোকক বহিষ্কাৰ কৰিলে তাৰ কথা সংগঠনটোৱে প্ৰকাশ নকৰিলে বুলিও অভিযোগ উত্থাপন কৰে ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজত বিভাজনঃ বহিষ্কৃত সদস্যই গঠন কৰিলে নতুন সংগঠন

ইফালে বহিষ্কৃত সদস্য সকলে তথা একালৰ সতীৰ্থই নতুন সংগঠন গঠন কৰাক লৈ সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । বহিষ্কৃত এই সকল সদস্যৰ সংবাদমেলৰ পাছতেই যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে যোৰহাটৰ অসম সাহিত্য সভা ৰাধাকান্ত সন্দিকৈ ভৱনত সংবাদমেল অনুষ্ঠিত কৰে ৷ সংবাদমেলত তেওঁলোকে জনাই যে,সংগঠনৰ সংবিধান উলংঘা কৰাৰ অপৰাধত সংগঠনৰ পৰা ইতিমধ্যে বহিষ্কৃত হোৱা যোৰহাটৰ ৰিতুল পাঠকে শেহতীয়াকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নামত ছীল-মোহৰ,ৰচিদ বহী,পেড আদি ছপাই বে-আইনী ভাৱে দীৰ্ঘদিন পৰা ব্যৱহাৰ কৰি আহিছিল ৷ পাঠকৰ এনে দুষ্কাৰ্যৰ বাবে ইতিমধ্যে পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে গুৱাহাটীৰ চান্দমাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল আৰু এই গোচৰ বৰ্তমানেও আদালতৰ মজিয়াত চলি আছে ৷ ইয়াৰোপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংবিধানিক শৃংখলা ভংগ,বিত্তীয় কেলেংকাৰী,চাকৰিৰ নামত ধন আত্মসাৎ আদি বিভিন্ন অপৰাধত জড়িত থকা বিৰাজ কুমাৰ তালুকদাৰ আৰু ৰিতুল পাঠকৰ সৈতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সংক্ৰান্তীয় কোনোধৰণৰ সম্পৰ্ক নাৰাখিবলৈ আহ্বান জনাইছে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৃন্দই ৷

ৰাজ্যত জাতীয়তাবাদী সংগ্ৰাম দৃঢ় কৰাৰ লক্ষ্যৰে সদৌ অসম জাতীয়তাবাদী যূৱ-ছাত্ৰ পৰিষদৰ আত্মপ্ৰকাশ।।

একালৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা বহিস্কৃত একাংশ সদস্যই আত্মপ্ৰকাশ নতুন জাতীয় সংগঠন ৰূপত।ৰাজ্যৰ জাতীয়তাবাদী সংগ্ৰামখনৰ স্মিমিত ৰূপ আৰু বহু ক্ষেত্ৰত একাংশ নেতৃত্বই স্ব-স্বাৰ্থৰ প্ৰতি গুৰুত্ব দি সংগ্ৰামৰ নামত অসমীয়া জাতিক আভুৱা ভৰাৰ অবাঞ্চনীয় নীতি গ্ৰহণ কৰাৰ সময়ত অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আপোচবিহীন সংগ্ৰাম কৰাৰ লক্ষ্যৰছ এক নতুন সংগঠনৰ আত্মপ্ৰকাশ হৈছে যোৰহাটত।একালৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথা ফালৰি কাটি অহা পৰিষদৰ সদস্য ই সমগ্র ৰাজ্য জুৰি সদস্য ভৰ্ত্তি কৰি নতুনকৈ আত্মপ্ৰকাশ কৰা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ নামৰ সংগঠন টোৱে যোৰহাটৰ প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি ঘোষনা কৰে আত্মপ্ৰকাশৰ কথা।মুখ্য উপদেষ্টা দীপেন্দ্ৰ নাৰায়ণ কোৱৰ,সভাপতি বিৰাজ কুমাৰ তালুকদাৰ, সাধাৰণ সম্পাদক ৰিতুল পাঠকে সংবাদ মেল সম্বোধন কৰি জনাই যে পূৰ্বৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰ্তমানৰ সময়ত গেৰুৱা কৰণৰ দিশত গতি কৰিছে।আনহাতে সংগঠনৰ সংবিধান অনুসৰি তেওলোকক অব্যাহতি দিছিল যদিও আজিও কিহৰ বাবে বহিষ্কাৰ কৰিছিল তাৰ স্পষ্টতা প্ৰকাশ নকৰিলে।সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গঠন হোৱাৰ মুল উদ্দেশ্য আৰু লক্ষ্য হল--অসমৰ পূৰ্ণ স্বায়ত্ব শাসন,আন্ত:ৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা, আৰু দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তনক মূল দাবী হিচাবে লৈ সংগ্ৰাম আৰম্ভ লগতে ৰাজ্যত জাতীয়তাবাদীৰ ভিত্তিত সাম্যবাদৰ লক্ষ্যৰে জনসচেতনতা গঢ়ি তোলা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.