ETV Bharat / state

AJYCP protest in Jorhat : মণিপুৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী AJYCP ৰ - Manipur violence news

মণিপুৰ ঘটনাক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সেয়েহে মণিপুৰ ঘটনা সন্দৰ্ভত ৰাজ্যখনত চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

AJYCP demands President interference in Manipur incident
মণিপুৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী AJYCP ৰ
author img

By

Published : Jun 22, 2023, 4:16 PM IST

মণিপুৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী AJYCP ৰ

যোৰহাট, 22 জুন : অশান্ত জৰ্জৰ মণিপুৰ ৷ মণিপুৰত এতিয়াও শান্ত হোৱা নাই পৰিস্থিতি ৷ মণিপুৰ ঘটনাক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে হস্তক্ষেপ নকৰাটো দুৰ্ভাগ্যজনক, সেয়েহে মণিপুৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাতো অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

ধৰ্মঘটস্থলীৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি পলাশ চাংমাইয়ে দাবী উত্থাপন কৰি কয় যে, আমি বৰ অসম বিশ্বাসী এটা সংগঠন ৷ যোৱা 3 মে’ৰ পৰা মণিপুৰত অৰাজকতাৰ পৰিৱেশ সৃষ্টি হৈছে ৷ মণিপুৰৰ আইন-শৃংখলা প্ৰৱৰ্তন কৰাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰ একেবাৰে বিফল হৈছে ৷ কেন্দ্ৰীয় চৰকাৰো ইয়াত সম্পূৰ্ণ বিফল হৈছে ৷ মণিপুৰলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিল , কিন্তু ৰাজ্যখনত শান্তিৰ পৰিস্থিতি ঘূৰাই আনিব নোৱাৰিলে ৷

চাংমায়ে লগতে ক্ষোভ উজাৰি কয়, "সেইবাবে আমি দাবী উত্থাপন কৰিছো যে ৰাজ্যখনৰ চৰকাৰ ভংগ কৰি ইয়াত ৰাষ্ট্ৰপতিয়ে হস্তক্ষেপ কৰক ৷ মণিপুৰৰ জনসাধাৰণৰ দেশখনৰ ওপৰত যথেষ্ট অৱদান আছে , তাৰ পিচতো কেন্দ্ৰীয় চৰকাৰে ৰাজ্যনখনত শান্তি ঘূৰাই আনিবলৈ কোনো পদক্ষেপ লোৱা নাই ৷"

পলাশ চাংমায়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ পূৱক অষ্টলক্ষ্মী বুলি কয় কিন্তু সেই অষ্টলক্ষ্মীৰ অংশ মণিপুৰত আজিও অশান্ত পৰিৱেশ বিৰাজ কৰি আছে ৷ তাৰ পিচতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা তথা হস্তক্ষেপ নকৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷

লগতে পঢ়ক: Death body recovered in Guwahati: মহানগৰীৰ লখিমী নগৰত উন্মুক্ত নলাত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.