যোৰহাট, 24 মে’: চৰকাৰীভাৱে হিতাধিকাৰীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে যদিও বহু সংখ্যক শ্ৰমিক বঞ্চিত হৈ আছে চৰকাৰী সাহাৰ্যৰ পৰা ৷ সেয়েহে দেওবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জে পি আৰ য়ুথ ক্লাৱে যোৰহাটত শ্ৰমিকসকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷
সামাজিক দূৰত্ব বজাই ৰাখি যোৰহাট ৰে’লৱে জংচনৰ কাষত প্ৰায় 500 জন শ্ৰমিকৰ মাজত খাদ্য, খোৱা পানী আৰু মাস্ক আদি বিতৰণ কৰে সংগঠন দুটাই ৷
লগতে পঢ়ক: লক ডাউন: ন-ৰূপত গুৱাহাটী মহানগৰী