ETV Bharat / state

হনি ট্ৰেপিঙত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ অসম জাতীয় পৰিষদৰ নেতা - AJP leader demanding money at Titabar

তিতাবৰত হনি ট্ৰেপিঙৰ জৰিয়তে ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ(AJP leader arrested for allegations of honey trapping) অসম জাতীয় পৰিষদৰ নেতা ৷ নেতাগৰাকীৰ বিৰুদ্ধে তিতাবৰ প্ৰেছ ক্লাবৰ সভাপতিক 5 লাখ টকা দাবীৰ অভিযোগ ৷

ajp-leader-arrested-for-allegations-of-involvement-in-honey-trapping
অসম জাতীয় পৰিষদৰ নেতা গ্ৰেপ্তাৰ
author img

By

Published : Apr 23, 2022, 4:37 PM IST

তিতাবৰ, 23 এপ্ৰিল : তিতাবৰত গ্ৰেপ্তাৰ কৰা হৈছে অসম জাতীয় পৰিষদৰ এগৰাকী নেতা (AJP leader arrested at Titabar)ক ৷ নেতাগৰাকীয়ে তিতাবৰ প্ৰেছ ক্লাবৰ সভাপতিক 5 লাখ টকা দাবী(AJP leader demanding money at Titabar) কৰা বুলি অভিযোগত উত্থাপিত হৈছে ৷ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ তিতাবৰ সমিতিৰ নেতা আমান হুছেইনক ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিগত 16 এপ্ৰিলৰ দিনা তিতাবৰৰ এগৰাকী মহিলাক ফেচবুকৰ মেচেঞ্জাৰৰ জৰিয়তে কিছু আপত্তিজনক তথা অশ্লীল মেচেজ প্ৰেৰণ কৰিছিল তিতাবৰ প্ৰেছ ক্লাৱৰ সভাপতি বিমান শইকীয়াই ৷ এই দাবী উত্থাপন কৰি এজেপিৰ নেতাগৰাকীয়ে বিমান শইকীয়াক ভয়-ভাবুকি দি দাবী কৰে নগদ 5 লাখ টকা ৷ বিষয় সন্দৰ্ভত শইকীয়া উপাধিৰ ব্যক্তিগৰাকীয়ে যোগাযোগ কৰে আৰক্ষীৰ সৈতে ৷

অসম জাতীয় পৰিষদৰ নেতা গ্ৰেপ্তাৰ

পৰৱৰ্তী সময়ত আৰক্ষীৰ পৰিকল্পনা অনুসৰি বিমান শইকীয়াই হুছেইনক যোগাযোগ কৰি দাবী কৰা ধনৰ পৰা এক লাখ টকা আগধন হিচাপে দিয়াৰ কথা ব্যক্ত কৰে ৷ দুয়ো গৰাকীৰে মাজত হোৱা কথোপকথনৰ অংশ হিচাপে শুকুৰবাৰে সন্ধিয়া দাবী কৰা ধন নিবলৈ আহে এজেপি নেতা আমান হুছেইন ৷

এনে অৱস্থাত পূৰ্বৰে পৰা তিতাবৰ চাৰিআলিত খাপ পিটি থকা আৰক্ষীয়ে হুছেইনক এগৰাকী সহযোগীৰ সৈতে হাতে-লোটে কৰায়ত্ত কৰে(AJP leader arrested for allegations of honey trapping) ৷ অৱশ্যে সহযোগী গৰাকীক উক্ত ঘটনাৰ সাক্ষীৰূপে ৰাখি উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত পিছলৈ যাবলৈ দিয়ে আৰক্ষীয়ে ৷

ইফালে বিমান শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, তেওঁ লেখা-মেলাৰ বিশেষ তথ্যৰ বাবে তিতাবৰ চাৰিআলিৰ এখন হোটেলত কাম কৰা এগৰাকী মহিলাক মেচেজ দিছিল ৷ সেই মেচেজৰ সুযোগ লৈয়েই আমান হুছেইন নামৰ নেতাজনে বিমান শইকীয়াক জন মানসত হেয় প্ৰতিপন্ন কৰাৰ ভাবুকিৰে ফেচবুকত সকলো মেছেজ এৰি দিম বুলি কৈ দাবী কৰে নগদ 5 লাখ টকা ৷

আনহাতে, এই অভিযোগ নস্যাৎ কৰি আটকাধীন আমান হুছেইনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, প্ৰেছ ক্লাবৰ সভাপতি বিমান শইকীয়াই হোটেলত কাম কৰা মহিলাগৰাকীলৈ প্ৰতিদিনে ইমানেই অশ্লীল মেছেজ দিয়ে যে উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে বিষয়টো তেওঁক অৱগত কৰে ৷ যাৰ বাবে ফোনযোগে হুছেইনে বিমান শইকীয়াক ধমকি প্ৰদান কৰে ৷

ইয়াৰ পিছতে শইকীয়াই নেতাজনক 4 লাখ টকাৰ প্ৰলোভন দি এই কথা ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনায় ৷ সেই অনুসৰি শুকুৰবাৰে সন্ধিয়া নেতাজনে পাবলগীয়া এক লাখ টকাটো নিবলৈ অহা বুলি স্বীকাৰ কৰে ৷

লগতে চাওক: কৰিমগঞ্জত শিশু শ্ৰমিকৰ ৰহস্যজনক মৃত্যু: অসম ত্ৰিপুৰা ঘাইপথ অৱৰোধ ক্ষুদ্ধ লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.