ETV Bharat / state

Assam Cash for Job Scam: মোক যদি দোষী বুলি প্ৰমাণ কৰিব পাৰে, তেন্তে ৰাজনীতি আৰু ৰাজহুৱা জীৱন ত্যাগ কৰিম; শান্তনু পূজাৰী - চাকৰি কেলেংকাৰী

একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত গোচৰ ৰুজু অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীৰ ৷ দলৰ এজন জ্যেষ্ঠ কৰ্মী হিচাপেহে দ্বীবন ডেকাক চিনি পোৱাৰ কথা ব্যক্ত পূজাৰীৰ ৷ ইফালে দলৰ ভিতৰত আভ্যন্তৰীণ কন্দলৰ কথা নস্যাৎ ডেকাৰ ।

BJP Leader Santanu Pujari
অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 9:44 PM IST

অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী

যোৰহাট, ৫ ছেপ্টেম্বৰ: জ্যেষ্ঠ বিজেপি নেতা দ্বীবন ডেকা আৰু অনুৰাগ চলিহাৰ লগত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীৰ নাম চাকৰি কেলেংকাৰীৰ লগত জড়িত কৰাই একাংশ সংবাদ গোষ্ঠীয়ে বাতৰি পৰিবেশন কৰি থকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শান্তনু পূজাৰীয়ে ৷ যোৰহাটত সংবাদমেলযোগে নিজৰ স্থিতি স্পষ্ট কৰি শান্তনু পূজাৰীয়ে দ্বীবন ডেকা বিজেপি দলত থকা সময়ত তেওঁ বিজেপিত যোগদান কৰা নাছিল বুলি উল্লেখ কৰি দলৰ এজন জ্যেষ্ঠ কৰ্মী হিচাপেহে তেওঁক চিনি পোৱাৰ কথা ব্যক্ত কৰে ৷

তেওঁ কয়, দ্বীবন ডেকাই তদানীন্তন বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিৎ দত্তৰ কাৰ্যকালত বৰক্ষেত্ৰী সমষ্টি পৰাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু দল পুৰণি জ্যেষ্ঠ কৰ্মকৰ্তা হোৱা হেতু অন্যসকলৰ দৰে ময়ো চিনি পাইছিলো । ২০১৯ চনত যোৰহাটত জ্যেষ্ঠ বিজেপি কৰ্মী পালিত বৰাৰ ঘৰত দ্বীবন ডেকাক প্ৰথম লগ পাওঁতে এখন ফটো তুলিছিলোঁ ৷ সেই ফটোখনকে ভিত্তি কৰি লৈ একাংশ সংবাদগোষ্ঠীয়ে দিবন ডেকাৰ লগত মোৰ নাম সন্নিবিষ্ট কৰি পেলাইছে ।

আনহাতে অনুৰাগ চলিহাৰ লগত মোৰ কোনো চিনা পৰিচয় নাই । এবাৰ ফোনত দ্বীবন ডেকাই মোক অনুৰাগ চলিহাক চিনি পাওঁ নেকি সুধিছিল আৰু অনুৰাগ চলিহাৰ এখন ফটো মোক দিছিল । তেতিয়া মই নাপাওঁ বুলি কৈছিলো ৷ এইসমূহ বিষয়ক উদ্দেশ্য প্ৰণোদিতভাৱে একাংশ সংবাদমাধ্যমে বিৰূপভাৱে প্ৰকাশ কৰি মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ শান্তনু পূজাৰীয়ে কয় ৷

তেওঁ আৰু কয়, ইতিমধ্যে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । দ্বীবন ডেকা আৰু অনুৰাগ চলিহাৰ মোবাইল জব্দ কৰি বহুতকে সোধা-পোছা চলাইছে । কিন্তু আৰক্ষীয়ে মোকতো এবাৰো মতা নাই বা মোক সোধা-পোছা কৰা নাই । যদি মই জড়িত থাকিলোহেঁতেন তেন্তে আৰক্ষীয়ে মোক নিশ্চয় জেৰাৰ বাবে বিচাৰিলেহেঁতেন । কিন্তু ইমানৰ পাছতো একাংশ সংবাদগোষ্ঠীয়ে মই পলাতক বুলি বাতৰি প্ৰচাৰ কৰি আহিছে । পলাতক নোহোৱাকৈ ৰাইজৰ মাজত থকাৰ পাছতো মোক পলাতক সজাই মোৰ ভাৱমূৰ্তি ম্লান কৰিব বিচাৰিছে ।

তেওঁ লগতে কয়, অৱশ্যে যোৱা ২৮ আগষ্টৰ পৰা ৩১ আগষ্ট পৰ্যন্ত মই পূৰ্বেই নিৰ্ধাৰিত সূচী অনুসৰি ৰাজ্যিক বিজেপি সভাপতিৰ নিদেৰ্শমৰ্মে দিল্লীত আছিলোঁ দলৰ কামৰ বাবে । যোৱা ১ ছেপ্টেম্বৰৰ পৰা মই যোৰহাটতে আছোঁ । এইক্ষেত্ৰত একাংশ লোকে অভিসন্ধিমূলকভাৱে নিজৰ ৰাজনৈতিক লিপ্সা পূৰণৰ বাবে মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । যি বিষয়ত মই জড়িত নহয়, তেনে বিষয়ত মোক লিপ্ত কৰাই মোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু একেটা স্ক্ৰিপ্টকে সংবাদমাধ্যম সমূহে ঘূৰাই-পকাই বজাই আছে ।

শান্তনু পূজাৰীয়ে আৰু কয়, মোৰ ধাৰণা হয় এজন বা দুজন মানুহে এই সমগ্ৰ কাম কৰি গৈছে । ইয়াৰ বিৰুদ্ধে মই মাত মাতি যাম । আইনৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে । মোৰ বিৰুদ্ধে যদি অভিযোগ প্ৰমাণিত হয় তেন্তে মই ৰাজনৈতিক আৰু ৰাজহুৱা জীৱনৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি আহিম । আনহাতে এই চক্ৰান্তত কোন পক্ষ জড়িত থাকিব পৰা বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত শান্তনু পূজাৰীয়ে কয়, এই ক্ষেত্ৰত বিৰোধী দলৰ গভীৰ ষড়যন্ত্ৰ আছে । বৰ্তমান সময়ত বিজেপি দলে এক শক্তিশালী স্থিতিত আছে । ইয়াৰ বিপৰীতে কিন্তু বিৰোধী কোনো দলৰ সংগঠন শক্তিশালী নহয় । বিজেপি দলত কোনো আভ্যন্তৰীণ কন্দল নাই । বিজেপি দলৰ সকলো সদস্য একেলগ হৈ দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত কাম কৰি গৈছে ।

অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী সংবাদমেলত এই সন্দৰ্ভত যোৰহাটৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত ৩৯৭/২০২৩ নম্বৰত আৰু ৪৯৯, ৫০০, আৰু ৫০১ ধাৰাৰ অধীনত ৰাজ্যৰ একাংশ সংবাদগোষ্ঠী বিৰুদ্ধে মুখ্য ন্যায়িক দণ্ডাধীশ আদালত গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক: কোন এই দিবন ডেকা ? কি সম্পৰ্ক আৰ এছ এছ-বিজেপিৰে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.