ETV Bharat / state

Review Meeting in Jorhat: যোৰহাটত ১৩ খন আদৰ্শ গাঁও স্থাপনৰ পৰিকল্পনা উপায়ুক্তৰ

author img

By

Published : Feb 8, 2023, 3:45 PM IST

যোৰহাট জিলাৰ নৱ নিযুক্ত উপায়ুক্ত পুলক মহন্তৰ উদ্যোগত কৃষি পৰ্যালোচনা সভা সম্পন্ন (Agricultural Review Meeting) । উপায়ুক্তৰ 'মৰমৰ যোৰহাট'ৰ পৰিকল্পনা ঘোষণা ।

Agricultural Review Meeting in Jorhat
যোৰহাটত কৃষি পৰ্যালোচনা সভা

যোৰহাট, ৮ ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত পুলক মহন্তই বুধবাৰে উপায়ুক্তৰ সভাকক্ষত এখনি কৃষি বিষয়ক বিশেষ পৰ্যালোচনা সভাৰ আয়োজন কৰে (Agricultural Review Meeting in Jorhat)। এই সভাত কৃষি বিভাগকে প্ৰমুখ্য কৰি জিলাখনৰ জলসিঞ্চন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে আন কেইবাটাও বিভাগৰ আঁচনি আৰু কৰ্ম সম্পৰ্কে উপায়ুক্তগৰাকীয়ে পৰ্যালোচনা কৰে । তেওঁ কৃষি বিভাগৰ প্ৰতিখন আঁচনিৰ বুজ লয় । কৃষি বিভাগে ৰূপায়ন কৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি (Pradhan Mantri Kisan Samman Nidhi), ধান ক্ৰয় আঁচনিৰ বিষয়ে উপায়ুক্তগৰাকীয়ে আলোচনা কৰে । অসম চৰকাৰে গ্ৰহণ কৰা 'আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ'ৰ কাৰ্যক্ৰমক যোৰহাট জিলাত বিশেষভাৱে ৰূপায়ন কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে (International Millet Year)।

উল্লেখযোগ্য যে উপায়ুক্ত পুলক মহন্তই 'মৰমৰ যোৰহাট' নামেৰে যোৰহাটৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে সুদূৰপ্ৰসাৰী পৰিকল্পনা হাতত লৈছে (Moromar Jorhat) । সেই পৰিকল্পনাৰ আধাৰত পোনতে তেওঁ কৃষি বিভাগৰ ১৩ টা কৃষি চক্ৰত ১৩ খন আদৰ্শ গাঁও গঢ়াৰ পৰিকল্পনা লৈছে । এই গাঁওসমূহ নিৰ্বাচন কৰিবলৈ তেওঁ কৃষি উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ কয় যে এই গাঁওসমূহত আন কাৰ্যসূচীৰ লগতে মহিলা সবলীকৰণৰ হকে বিশেষ কাৰ্যসূচী ৰূপায়িত কৰা হ'ব । মহিলাসকলে পশু পালন, মীন পালন, হাঁহ-কুকুৰা পালন, ৰেচম শিল্পৰ ক্ষেত্ৰত চৰকাৰ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা বিশেষ সহযোগিতা লাভ কৰিব । কৃষি বিভাগে আদৰ্শ গাঁৱৰ অগ্ৰগতিত নেতৃত্ব বহন কৰিব আৰু আন বিভাগসমূহ সহযোগীৰূপে থাকিব বুলি তেওঁ উল্লেখ কৰে ।

ইপিনে,কৃষি উন্নয়ন বিষয়াসকলক উপায়ুক্তগৰাকীয়ে নিজৰ নিজৰ কৃষি চক্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহত ৫০ টাকৈ তুলসী পুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়ে (DC of Jorhat)। তদুপৰি স্থায়ী দেৱাল নথকা বিদ্যালয়সমূহৰ চাৰিসীমাত নেমুপুলি ৰোপণ কৰি 'জৈৱ বেৰা'ৰ (Bio fencing in Jorhat) ব্যৱস্থা কৰিবলৈ আহ্বান জনায় । অংগনৱাড়ী কেন্দ্ৰসমূহৰ পাচলি বাগিচাত ঔষধি গছ ৰোপণৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াই তেওঁ এজোপাকৈ চজিনা গছ ৰোপণৰ বাবেও অনুৰোধ জনায় । তদুপৰি তেওঁ কৃষকসকলৰ ব্যৱসায়িক মনোবৃত্তি গঢ়িবলৈ কৃষি বিভাগক প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

মিলেট বা কণীধানৰ কৃষকৰ উপকাৰ হোৱাকৈ মিলেট মিল স্থাপন কৰা হ'ব বুলিও উপায়ুক্তগৰাকীয়ে কয় । যোৰহাট জিলাখনক সৰ্বতোপ্ৰকাৰে আগুৱাই নিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি পৰ্যালোচনা সভাখনত তেওঁ উল্লেখ কৰে । এই সভাখনত যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, সহকাৰী আয়ুক্ত কাৰ্তিককমল শইকীয়া, জিলা কৃষি বিষয়া ড৹ নিতুমণি গগৈ, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ড৹ পৰাগজ্যোতি শইকীয়া আদি উপস্থিত থাকে ।

লগতে পঢ়ক:Husband killed by wife: প্ৰেমিকৰে মিলি স্বামীক হত্যা; এতিয়া ৰঙাঘৰত মৃতকৰ পত্নীসহ প্ৰেমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.