ETV Bharat / state

Awareness program in Assam Agriculture University: কৃষি সামগ্ৰীৰ বজাৰ, বিপনন সচেতনতা সন্দৰ্ভত সজাগতা সভা

উজনি অসমৰ তিনি জিলাৰ নিৰ্বাচিত কৃষকক লৈ অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি সামগ্ৰীৰ বজাৰ আৰু বিপনন সচেতনতা সন্দৰ্ভত বিশেষ সজাগতা সভা(Awareness Program in Assam Agriculture University)।

author img

By

Published : Nov 23, 2021, 9:09 PM IST

agricultural product marketing awareness program in assam agriculture university
অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি সামগ্ৰীৰ বজাৰ আৰু বিপনন সচেতনতা সন্দৰ্ভত বিশেষ সজাগতা সভা

যোৰহাট , ২২ নবেম্বৰ : অসম কৃষি বিশ্ববিদ্যালয়ৰ(Assam Agriculture University ) কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগৰ উদ্যোগত সোমবাৰে তিনিখন জিলাৰ নিৰ্বাচিত কৃষকৰ মাজত কৃষি সামগ্ৰী বিপনন, বজাৰ দিশৰ কৰণীয় সম্পৰ্কত এক সজাগতা সভা (Awareness program in Jorhat)অনুষ্ঠিত কৰা হয় । বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগত অনুষ্ঠিত এই বিশেষ সভাত আদৰণি ভাষণ আগবঢ়ায় বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° নিবেদিতা ডেকাই ৷

তেওঁ কয় যে, কৃষকে যথোচিত লাভ অৰ্জনৰ বাবে বজাৰৰ ওপৰত দৃষ্টি ৰাখিব লাগিব । বজাৰৰ চাহিদাৰ ভিত্তিত খেতি কৰি উৎপাদন কৰিলেহে লাভান্বিত হ'ব পৰা যাব ।

উজনি অসমৰ যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ ৬০ গৰাকী নিৰ্বাচিত কৃষকে অংশগ্ৰহণ কৰা এই সভাত বজাৰ চিনাক্ত, নিৰ্বাচন আৰু প্ৰাধান্য দিবলগীয়া উৎপাদন তথা কিনা-বেচা প্ৰক্ৰিয়াৰ ওপৰত বিতংভাৱে বুজাই দিয়া হয় । এপাৰ্ট (Assam Agribusiness and Rural Transformation Project) আৰু অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University)ৰ সমন্বয়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বজাৰ আৰু সূচনা কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত এই সজাগতা সভাত দৃশ্যশ্ৰাব্য মাধ্যমেৰে বজাৰৰ শেহতীয়া ব্যৱস্থাৱলী আৰু কৃষকে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত বিশেষভাবে পৰ্যালোচনা কৰা হয় ।

সজাগতা সভাত কৃষি সম্প্ৰসাৰণ শিক্ষা বিভাগ(Department of Agriculture Extension Education)ৰ অধ্যাপক ড° উৎপল বৰ্মণে কয় যে, ক্ৰেতা আৰু বিক্ৰেতাৰ সমন্বয়ৰ জৰিয়তে কৃষক লাভৱান হ'ব পাৰে । সেয়ে খেতি কৰাৰ পাছত গ্ৰাহক বা বজাৰ বিচৰাতকৈ ক'ত বিক্ৰী কৰা হ'ব সেই সম্পৰ্কে আগতীয়াকৈ বজাৰ পৰ্যালোচনা কৰি আগবাঢ়িব লাগে। পথাৰ ভৰি পৰাকৈ উৎপাদন হোৱাৰ পাছত সেই উৎপাদন বজাৰত নচলিলে কৃষকৰ লোকচান হ'বই। গ্ৰাহকে কি খাব সেইমতে খেতি কৰি লাভান্বিত হ'ব লাগিব । তাৰবাবে বজাৰ ব্যৱসায় পৰিকল্পনা কৰিব লাগিব । বজাৰ পৰিকল্পনাৰ জৰিয়তে যি খেতিয়েই কৰক লাভ হ'লেই হ'ল । গ্ৰাহকে কিনা পৰ্যায়লৈ নিব পাৰিলেই হ'ল ।পৰিকল্পনা নকৰাকৈ পৰিমাণ নজনাকৈ খেতি কৰাটোৱেই মুল বিসংগতি । সেয়ে নতুন ক্ৰেতা আৰু বজাৰ চাহিদা তথা প্ৰৱণতা সলনিৰ সকলো তথ্য কৃষকে হাতত ৰাখি সেইমতে অধিক উৎপাদনত মনোনিবেশ কৰিব লাগিব ।

উক্ত সভাত কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগৰ সহকাৰী অধ্যাপিকা ড° সংগীতা বৰাই কয় যে লাভ আৰ্জনৰ বাবে কৃষকসকলে একগোট হৈ কাম কৰিলে অধিক সুফল পাব । এই দিশত ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ দৰে প্ৰয়াস হাতত লৈ আগবাঢ়িলে সমন্বিত প্ৰয়াসত সকলো উপকৃত হোৱাৰ লগতে বজাৰৰ লগত অধিক সম্পৰ্ক ৰক্ষাত সহায়ক হ'ব ।

কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগৰে সহকাৰী অধ্যাপিকা ড° উদেষ্ণা তালুকদাৰে শেহতীয়া তথ্য প্ৰযুক্তিৰ জৰিয়তে বজাৰৰ সৈতে সংযোগ ৰক্ষা কৰাৰ দিশত তথ্যভিত্তিক বক্তব্য আগবঢ়ায় । অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভ কৰা কৃষি বজাৰ আৰু সুচনা কেন্দ্ৰৰ জৰিয়তে কৃষকে শেহতীয়া তথ্যপ্ৰযুক্তিৰ ব্যৱহাৰেৰে মোবাইলৰ জৰিয়তে যিকোনো সময়তে যিকোনো স্থানতে বজাৰৰ শেহতীয়া গতিবিধিৰ তথ্য লাভ কৰি উপকৃত হব পাৰিব বুলি কয় ।

সজাগতা সভাখনত অধ্যাপক ড° ৰমেন কুমাৰ শৰ্মায়ো বজাৰ ব্যৱস্থাৰ সৈতে কৃষকৰ তাৎক্ষণিক সংযোগ সম্পৰ্কত বক্তব্য আগবঢ়ায় । আলোচনা সভাখনত কেবাজনো কৃষকে নিজৰ অনুভৱ ব্যক্ত কৰি কৃষি উৎপাদন আৰু বিপননৰ দিশত তেওলোকে লাভ কৰা অভিজ্ঞতা আৰু অসুবিধা সমুহৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : থলুৱা বীজৰ সংৰক্ষণৰ বাবে দুটাকৈ national award অসমলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.