ETV Bharat / state

কৃষি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াইছে মেৰাপানীৰ এজন কৃষকে - আলু খেতি

মেৰাপানীৰ আদৰ্শ কৃষক বীৰেণ ঘাটোৱাৰৰ প্ৰচেষ্টাত বিশেষ প্ৰকাৰৰ আলু উৎপাদন ৷ বৰ্ণসংকৰ প্ৰজাতিৰ ‘কুফৰি সূৰ্য আলু’ সফলতাৰে উৎপাদন কৰিছে কৃষক গৰাকীয়ে ৷ ‘Potato Breeder Seed Multiplication’ আঁচনিৰ অধীনত সম্পূৰ্ণ এক বিঘা মাটিত এই প্ৰকাৰৰ আলু উৎপাদন কৰিছে কৃষক ঘাটোৱাৰে ৷

agri-business
বিশেষ প্ৰকাৰৰ আলু উৎপাদন
author img

By

Published : Apr 4, 2021, 9:10 AM IST

তিতাবৰ,4 এপ্ৰিল: অসমৰ কৃষিক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে মেৰাপানীৰ এগৰাকী আদৰ্শ কৃষকে । বৰ্ণসংকৰ প্ৰজাতিৰ এক বিশেষ প্ৰকাৰৰ আলু সফলতাৰে উৎপাদন কৰিছে মেৰাপানীৰ চলংপথাৰ গাঁৱৰ কৃষক বীৰেণ ঘাটোৱাৰে । অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰ গোলাঘাটৰ সৌজন্যত ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে খেতি কৰিছে বৰ্ণসংকৰ প্ৰজাতিৰ ‘কুফৰি সূৰ্য আলু’ৰ ।

বিশেষ প্ৰকাৰৰ আলু উৎপাদন

কৃষক বীৰেণ ঘাটোৱাৰৰ প্ৰচেষ্টাত ‘Potato Breeder Seed Multiplication’ আঁচনিৰ অধীনত সম্পূৰ্ণ এক বিঘা মাটিত সফলতাৰে উৎপাদন কৰা হৈছে এই বৰ্ণসংকৰ আলু । সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে নেট হাউচৰ জৰিয়তে উৎপাদন কৰা উন্নত আলুৰ বীজে আগন্তুক সময়ত যথেষ্ঠ লাভান্বিত কৰিব অসমৰ কৃষকক । আকৃতি আৰু সোৱাদত সচৰাচৰ বজাৰত উপলব্ধ আলুতকৈ পৃথক কুফৰি সূৰ্য প্ৰজাতিৰ আলু । বিশ্ব বেংকৰ অৰ্থ সাহাৰ্যৰে আৰম্ভ কৰা আলু খেতিৰ এই নতুন প্ৰক্ৰিয়াৰ ফলত অসমৰ কৃষিখণ্ডত এক নতুনত্বৰ আগমন ঘটিব বুলি আশাবাদী কৃষক গৰাকী ।

বিভাগে আৱণ্টন দিয়া তিনি কুইণ্টল আলুৰ বীজৰ পৰা ইতিমধ্যে অভিলেখ সংখ্যক 36 কুইণ্টল আলু উৎপাদন কৰিবলৈ সক্ষম হৈছে কৃষক বীৰেণ ঘাটোৱাৰে । বীজ উৎপাদন প্ৰক্ৰিয়া সফল হোৱাৰ পাচত এতিয়া চলং পথাৰ গাঁৱখনক ‘বীজ গাঁও’ হিচাপে ঘোষণা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।

উল্লেখ্য যে, উৎপাদিত এটা আলুৰ ওজন 450 গ্ৰাম পৰ্যন্ত ৷ এই বিশেষ প্ৰজাতিৰ কুফৰি সূৰ্য আলু খেতিৰ জৰিয়তে ভৱিষ্যতে আলুৰ নাটনি বহু পৰিমাণে হ্ৰাস পাব বুলি আশা কৰিছে কৃষক গৰাকীয়ে ৷

লগতে পঢ়ক : তেজপুৰত প্ৰবল শিলাবৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.