ETV Bharat / state

টীয়কত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰতিবাদ অগপৰ

author img

By

Published : Mar 6, 2021, 9:22 AM IST

শুকুৰবাৰে টীয়কত অসম গণ পৰিষদৰ তৃণমূল কৰ্মীসকলে সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থীক দলে প্ৰাৰ্থিত্ব দিলে কেতিয়াও গ্ৰহণ কৰা নহ'ব বুলি হুংকাৰ দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অগপ-বিজেপিৰ মিত্ৰজোঁটে এইবেলি নিৰ্বাচনৰ বাবে ১০২ নং টীয়ক বিধানসভা সমষ্টিত শ্যামকানু মহন্তক প্ৰাৰ্থিত্ব প্ৰদানৰ যো-জা চলাইছে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে ৷

AGP WORKERS PROTEST IN TEOK
টীয়কত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰতিবাদ অগপৰ তৃণমূল কৰ্মীৰ

টীয়ক,6 মাৰ্চ: ৰাজ্যৰ বিভিন্ন সমষ্টিত অব্যাহত আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ শুকুৰবাৰে টীয়কত অসম গণ পৰিষদৰ তৃণমূল কৰ্মীসকলে সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থীক দলে প্ৰাৰ্থিত্ব দিলে কেতিয়াও গ্ৰহণ কৰা নহ'ব বুলি হুংকাৰ দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অগপ-বিজেপিৰ মিত্ৰজোঁটে এইবেলি নিৰ্বাচনৰ বাবে ১০২ নং টীয়ক বিধানসভা সমষ্টিত শ্যামকানু মহন্তক প্ৰাৰ্থিত্ব প্ৰদানৰ যো-জা চলাইছে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে ৷

ইয়াকে লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে টীয়ক অগপৰ তৃণমূল কৰ্মীসকলে ৷ কৰ্মীসকলে বৰ্তমানৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা অথবা অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি তথা সমষ্টিটোৰ অগপৰ দলীয় প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ যুৱ নেতা বিকাশ শইকীয়াক টিকট প্ৰদান কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বক দাবী জনায় ৷ দলীয় কৰ্মীৰ এই দাবী মানি নল'লে দলত্যাগ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী অগপ কৰ্মীসকলে ৷

লগতে পঢ়কঃ বিহপুৰীয়াত অগপ প্ৰাৰ্থিত্বৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.