ETV Bharat / state

যিকোনো নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দল সাজু: অতুল বৰাৰ দৃঢ়তা

author img

By

Published : Jun 11, 2023, 9:55 PM IST

যোৰহাটত অসম গণ পৰিষদৰ বিশেষ কৰ্মকৰ্তা সন্মিলন ৷ সন্মিলনত উপস্থিত অগপৰ সভাপতি অতুল বৰা ৷ AJP আৰু ৰাইজৰ দলৰ সন্দৰ্ভত মন্তব্য অতুল বৰাৰ ৷ AJP আৰু ৰাইজৰ দল কংগ্ৰেছ আৰু AIUDFৰ পুলি ৷

AGP president Atul bora visit at Jorhat
যোৰহাটত অসম গণ পৰিষদৰ কৰ্মকৰ্তা সন্মিলন

যোৰহাটত অসম গণ পৰিষদৰ কৰ্মকৰ্তা সন্মিলন

যোৰহাট, 11 জুন: ‘‘বৰ্তমান অসম গণ পৰিষদ দলত নাই কোনো অন্তঃকন্দল ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে জন্ম দিয়া দল দুটা হ’ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ৷ তেওঁলোক আজমল আৰু কংগ্ৰেছৰ পুলি ৷’’ এই মন্তব্যৰে হঠাৎ জাতীয়তাবাদৰ আবেগ ঢালি অগন্তুক লোকসভা নিৰ্বাচনলৈ আগবাঢ়িছে অগপৰ নেতৃত্ব ৷ তৃণমূল পৰ্যায়ত শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলে ৷ তেনে সময়তে অসম গণ পৰিষদেও কঁকালত টঙালি বান্ধিছে ৷

এইবাৰ বোকাৰ পৰা হাতী উঠিব পাৰিব নে পদুমৰ বোকোচাত থাকি অগপই নিৰ্বাচনী বৈতৰণী পাৰ কৰিব তাৰ উত্তৰ দিবলৈ নাই শক্তিশালী দলীয় নেতা ৷ যি আছে কেৱল ক্ষমতাৰ বাবে দলীয় নীতিক জ্বলাঞ্জলি দিবলৈও সাজু ৷ কিন্তু মাজে সময়ে জাতীয়তাবাদৰ আবেগ ঢালি উকমুকাই উঠে অগপৰ নেতৃত্ব ৷

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য বিভিন্ন প্ৰান্তত অসম গণ পৰিষদে আৰম্ভ কৰিছে বিশেষ কৰ্মকৰ্তা সন্মিলন । দেওবাৰে যোৰহাটৰ পিতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধাসভা সমষ্টিক সামৰি বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয় । সভাত অংশগ্ৰহণ কৰে সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই ৷

লগতে পঢ়ক: Demand for a separate Boroland: বড়ো ভূমিত পুনৰ জনজাতীয় বিদ্ৰোহ; পৃথক বড়োলেণ্ড বিচাৰি BLA ৰ আত্মপ্ৰকাশ

অগপৰ সভাপতি অতুল বৰাই কয় যে, অসমৰ বিভিন্ন প্ৰান্তত অগপৰ শিপা বৰ্তমান সিঁচৰিত হৈ আছে আৰু উক্ত শিপাডাল শক্তিশালী কৰাৰ দায়িত্ব আমাৰ দলৰ তৃণমূল কৰ্মীসকলৰ । আজি যিকোনো নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দল সাজু । বিভিন্ন ঘাত-প্ৰতিঘাত আৰু অসম আন্দোলনৰ মাজেৰে জন্ম হোৱা অসম গণ পৰিষদলৈ আজি তাৰিখত নতুন প্ৰজন্মৰ বিভিন্ন জনৰ আগমণ ঘটিছে ।

আনহাতে, অসম জাতীয় পৰিষদ আৰু ৰাইজ দলৰ প্ৰসংগত অতুল বৰাই কয় যে, ‘‘এই দুটা দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে জন্ম দিয়া দল । এইকেইটা দল কোনো আঞ্চলিক বা জাতীয়তাবাদী চিন্তা ধাৰাৰে পৰিপূৰ্ণ নোহোৱা দল ৷ তেওঁলোক আজমল আৰু কংগ্ৰেছৰ পুলি-পুখালি । বৰ্তমান অসমত আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ দলক অসমবাসীয়ে মৰম কৰিছে ফলত আমি বৰ্তমান শক্তিশালী হিচাপে পৰিপূৰ্ণ হৈ পৰিছো ৷ বৰ্তমান অসম গণ পৰিষদ দলত কোনো বাদ-বিবাদ নাই ৷ বিজেপি আৰু অগপ মিত্ৰজোঁটে 2024 ৰ লোকসভা নিৰ্বাচনত 12 খন আসন লাভ কৰিব।’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.