ETV Bharat / state

AJP য়ে অসম গণ পৰিষদৰ নাম নকল কৰি ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছেঃ অতুল বৰা

author img

By

Published : Oct 14, 2020, 9:41 PM IST

যোৰহাটত অগপৰ প্ৰতিষ্ঠা দিৱস পালন ৷ উপস্থিত বহু কেইগৰাকী অগপৰ জ্যেষ্ঠ নেতা ৷ অগপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য সভাপতি অতুল বৰাৰ ৷

AGP 36th Foundation day Celebrate At Jorhat
যোৰহাটত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

যোৰহাট, 14 অক্টোবৰ : 1985 চনৰ 14 অক্টোবৰ দিনা গোলাঘাটৰ পৰা জন্মলাভ কৰিছিল আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ । 6 বছৰীয়া 'অসম আন্দোলন'ৰ ফলস্বৰূপে গঠন হোৱ দলটো আজি 35 টা বৰ্ষ গৰকি 36 বছৰীয়া হ'ল । 36 বছৰৰ এই ক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলটোৰ প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী পালন কৰা হয় ৷

ৰাজ্যৰ অন্য জিলাৰ লগতে যোৰহাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ উপৰ দেউৰী গাঁৱৰ ৰংগমঞ্চত অনুষ্ঠিত কৰা হয় প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসত সহস্ৰাধিক লোকৰ অংশগ্ৰহণৰ লগতে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কেশৱ মহন্ত, কল্পনা পাটোৱাৰীকে ধৰি বহু কেইগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে মৰিগাঁওবাসীক

কাৰ্যসূচী অনুসৰি, ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ প্ৰথমে 36 খনকৈ দলীয় পতাকা উত্তোলন কৰাৰ পিচতে শ্বহীদ তৰ্পন কৰা হয় । আনহাতে, শ্বহীদ তৰ্পনৰ পিচতেই সাংবাদিকৰ আগত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা কেশৱ মহন্তই জনাই যে, পূৰ্বৰ অসম গণ পৰিষদ আৰু বৰ্তমানৰ অসম গণ পৰিষদৰ মাজত বহুত পাৰ্থক্য আছে । পূৰ্বে অসম গণ পৰিষদ দলে বহু ভুল কৰাৰ ফলত ৰাইজৰ মাজৰ পৰা আঁতৰি আহিছিল; কিন্তু এতিয়া অসম গণ পৰিষদ সম্পূৰ্ণ নতুন ৰূপত প্ৰকাশ পাইছে । যাৰফলত বহুতো নতুন ব্যক্তিৰ আগমন ঘটিছে দলটোলৈ ৷

কেশৱ মহন্তৰ মন্তব্য

আনহাতে, অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই জনাই যে, অসম গণ পৰিষদ ৰাজ্যখনৰ ৰাইজৰ আটাইতকৈ মৰমৰ আৰু শক্তিশালী দল । অসম গণ পৰিষদ জন্মৰ উদেশ্য সম্পূৰ্ণ পৃথক । সেয়েহে অসম গণ পৰিষদ দলক অযথা সমালোচনা কৰি লাভ নাই ।

লগতে পঢ়ক : ভূটানত জৰুৰীকালীনভাৱে অৱতৰণ গুৱাহাটী অভিমুখী হেলিকপ্টাৰ

কিন্তু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি সৃষ্টি হোৱা ৰাজনৈতিক দলৰ সৈতে এক মত হ'ব নোৱাৰে । আনহাতে, AJP তথা অসম জাতীয় দলে অসম গণ পৰিষদৰ নাম নকল কৰি ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছে । কিন্তু নাম নকল কৰি ৰাইজৰ আস্থা পাব নোৱাৰে বুলি মন্তব্য প্ৰদান কৰে সভাপতি গৰাকীয়ে ৷

অতুল বৰাৰ মন্তব্য

দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত উপৰ দেউৰী গাঁও অঞ্চলত বিভিন্ন জনগোষ্ঠীয় লোকৰ বাসস্থান । অসম গণ পৰিষদৰ লক্ষ্য ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্ধয় সৃষ্টি কৰি ৰাইজৰ হকে কাম আৰু উন্নয়ন সাধন একমাত্ৰ লক্ষ্য বুলি উল্লেখ কৰে ।

যোৰহাটত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানত অগপ দলৰ বহু নেতাকৰ্মী উপস্থিত থাকে । আনহাতে, কৰ'ণাৰ বাবে যি সামাজিক দুৰত্ব বাধ্যতামূলক সেইয়া ফুটুকাৰ ফেনলৈ পৰিণত হলগৈ অসম গণ পৰিষদৰ 36 তম প্ৰতিষ্ঠা দিৱসত ।

লগতে পঢ়ক : মোবাইল ফোনৰ বিকিৰণ হ্ৰাস কৰিব গৰুৰ গোবৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.