যোৰহাট,13 জুন: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ চলি থকাৰ সময়তে আফগানিস্তানৰ নাগৰিকে অসমত ভোটাধিকাৰ লাভ কৰাৰ গুৰুতৰ অভিযোগ ৷ আফগানিস্তানৰ পৰা আহি যোৰহাটৰ ভাৰাঘৰত থকা ব্যৱসায়ীয়ে সাব্যস্ত কৰিছে ভোটাধিকাৰ ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৱাৰ্ড মেম্বাৰে ৷
যোৰহাটৰ 6 ৱাৰ্ডত ৰেহম্মদ উদল্লাৰ লগতে আৰু দুজনকৈ আফগান লোকৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাক লৈ আচৰিত হৈ পৰিছে 6 ৱাৰ্ডৰ মেম্বাৰ অংকুৰ গুপ্তাই ।