তিতাবৰ,15 জুন: তিতাবৰৰ বৰহোলাত দেওবাৰে নিশা সংঘটিত হৈছে এক অঘটন ৷ মহকুমাটোৰ অন্তৰ্গত বৰহোলা বালিজান গাঁৱৰ ১৫নং ব্লকৰ যুৱক জয়ন্ত বৰাই নিশা ৰহস্যজনকভাৱে আঁকোৱালি লৈছিল মৃত্যুক ৷ যুৱকজনক দেওবাৰে নিশা নিজ বাসগৃহৰ পৰা চৰাইদেউ ৰেজিমেণ্টৰ এটা সেনা বাহিনীৰ দলে আটক কৰাৰ পিছতে মৃত্যু ঘটে ৷ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি তিতাবৰত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷
সোমবাৰে এই সমগ্ৰ ঘটনাৰ বুজ ল’বলৈ বৰহোলাত উপস্থিত হয় অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ৷ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্ত হোৱাৰ আশ্বাস প্ৰদান কৰে যুৱকজনৰ পৰিয়ালক ৷ সম্প্ৰতি ন্যায়ৰ অপেক্ষাত আছে বৰহোলাবাসী ৷
লগতে চাওকঃ যোৰহাটত সেনাৰ জিম্মাত যুৱকৰ ৰহস্যজনক মৃত্যু