ETV Bharat / state

মৰিয়নিৰ কাকজান চাহ বাগিছাত আটছাৰ উত্তাল প্ৰতিবাদ - আটছা

মালিকপক্ষই নূন্যতম সা-সুবিধাৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত কৰি অহাৰ লগতে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবেও শ্ৰমিকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ কাণসাৰ নাই মালিকপক্ষৰ ৷

AATSA protest erupt in Mariani's Kakajan tea garden
মৰিয়নিৰ কাকজান চাহ বাগিছাত আটছাৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Aug 20, 2020, 3:53 PM IST

মৰিয়নী, 20আগষ্টঃ আজি পুৱাই উত্তপ্ত হৈ পৰে মৰিয়নীৰ কাকজান চাহ বাগিছা ৷ অন্ন,বস্ত্ৰ আৰু বাসস্থানৰ সা-সুবিধা বিচাৰি আটছাৰ উদ্যোগত বাগিছাখনৰ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে ৷ প্ৰতিবাদী শ্ৰমিকসকলৰ অভিযোগ, মালিকপক্ষই নূন্যতম সা-সুবিধাৰ পৰা বছৰ-বছৰ ধৰি বঞ্চিত কৰি অহাৰ লগতে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবেও শ্ৰমিকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ কাণসাৰ নাই মালিকপক্ষৰ ৷

মৰিয়নিৰ কাকজান চাহ বাগিছাত আটছাৰ উত্তাল প্ৰতিবাদ

যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাই আটছা আৰু বাগিছা খনৰ শ্ৰমিক সকলে কাকজান চাহ বাগিছাৰ কলঘৰ ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইপিনে, প্ৰতিবাদী কাৰ্যসূচীত বাগিছাখনৰ শ শ শ্ৰমিকে অংশগ্ৰহণ কৰাত বাগিছাখনত সকলো কাম কাজ স্তব্ধ হৈ অচলাৱস্থাৰ সৃষ্টি হয় । ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাগিছাখনত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোটায়ন কৰা হৈছে ।

লগতে পঢ়কঃ৭৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.