ETV Bharat / state

Scam allegation: শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধ্যক্ষক বৰ্খাস্ত কৰাৰ দাবীত আটছাৰ প্ৰতিবাদ - আটছাৰ প্ৰতিবাদ

যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ (AATSA protest in Jorhat)৷ শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিত ব্যাপক হাৰত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি অধ্যক্ষ দুলেন নায়কক বৰ্খাস্ত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ (Scam in Swahid Dayal Das Panika Swajiyojan) ৷

Scam in Swahid Dayal Das Panika Swajiyojan
চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Apr 24, 2023, 10:06 PM IST

চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

যোৰহাট, 24 এপ্ৰিল : সোমবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত প্ৰতিবাদত বহিল যোৰহাট জিলা চাহ জনজাতি ছাত্ৰ সন্থা (AATSA protest in Jorhat) ৷ শ্বহীদ দয়াল দাস পানিকা অভিলাসী স্বনিয়োজন আঁচনিত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে যোৰহাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰদান কৰে (Swahid Dayal Das Panika Swajiyojan achoni)।

চাহ জনজাতি নিবনুৱা যুৱক-যুৱতীসকল দয়াল দাস পানিকা আঁচনিৰ জৰিয়তে উপকৃত হোৱাত সহায় কৰি আহিছে ৷ কিন্তু যোৰহাট জিলাত এই আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ আনিছে সংগঠনটোৱে । সংগঠনটোৱে দাবী কৰে যে, যোৰহাট আৰু তিতাবৰ মহকুমাৰ চাহ তথা প্ৰাক্তন চাহ জনজাতি কল্যান বিভাগৰ অধ্যক্ষ তৰুণ ৰাজোৱাৰ আৰু দুলেন নায়কক অধ্যক্ষ পদৰ পৰা বৰ্খাস্ত কৰি উপযুক্ত অধ্যক্ষক নিয়োগ কৰিব লাগে (Scam in Swahid Dayal Das Panika Swajiyojan)।

উল্লেখ্য যে, অসম চৰকাৰে চাহ জনগোষ্ঠীৰ নিবনুবা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনি নামেৰে এক আঁচনি ৰূপায়ণ কৰিছিল । এই আঁচনিৰ জৰিয়তে চাহজনগোষ্ঠীৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক 2500 কৈ টকাৰ এককালিন আৰ্থিক সাহায্যও প্ৰদান কৰা হয় । কিন্তু যোৰহাট জিলাত এই আঁচনি ৰূপায়ণৰ নামত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ হিতাধীকাৰীয়ে (Deprived beneficiaries protest in Jorhat)।

হিতাধিকাৰী বাচনিৰ নামত 2000 টকাকৈ আগধন বিচৰাৰ অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলা চাহ জনজাতি ছাত্ৰ সন্থাই ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি, এই আঁচনিত জড়িত হৈ আছে একাংশ বিজেপি কৰ্মী ৷ এই বিজেপি কৰ্মীসকলক ধন নিদিয়াৰ বাবেই যোগ্য হৈয়ো আঁচনিৰ হিতাধিকাৰী তালিকাত নাম সনিবিষ্ট নহয় প্ৰকৃত হিতাধিকাৰীৰ ৷

উপায়ন্তৰ হৈ দুনীতি আৰু স্ব-জন তোষণ সন্দৰ্ভত হিতাধিকাৰীসকলে এই সন্দৰ্ভত অধ্যক্ষ দুলেন নায়কক অৱগত কৰাৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । ফলত ক্ষুব্ধ হিতাধিকাৰীসকলে অধ্যক্ষ বাসগৃহ ঘেৰাও কৰিবলৈ বাধ্য হৈছিল । যিসময়ত ৰাজ্য চৰকাৰে দুনীতি ক্ষেত্ৰত শূন্য সহনশীল নীতিৰ কথা কৈ থাকে, তেনে সময়তে স্বনিয়োজন আঁচনিত ইয়াৰ বিপৰীত ছবিহে প্ৰতিফলিত হৈছে ।

লগতে পঢ়ক : Scam allegation: শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ৰূপায়ণত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.