ETV Bharat / state

বিধ্বস্ত পথ মেৰামতিৰ দাবীত আছুৰ প্ৰতিবাদ

author img

By

Published : Jul 11, 2022, 7:08 PM IST

ঐতিহাসিক ধোদৰ আলি আৰু তিতাবৰ বৰহোলা ন-আলি সংযোগী পথ অতিশীঘ্ৰে মেৰামতিৰ কৰাৰ দাবীত আছুৰ বিক্ষোভ কাৰ্য্যসূচী(AASU protest for Poor condition of Historical Dhodar Ali) । বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ ৷

aasu-protest-for-poor-condition-of-historical-dhodar-ali-and-titabor-borholla-connecting-road
ঐতিহাসিক ধোদৰ আলি-তিতাবৰ বৰহোলা ন আলি সংযোগী পথ মেৰামতিৰ দাবীত আছুৰ প্ৰতিবাদ

তিতাবৰ, 11 জুলাই : ৰাজ্য চৰকাৰে পথ উন্নয়নৰ কাৰণে কোটি কোটি টকা খৰচ কৰা সময়তে বিধ্বস্ত হৈ উঠিছে ঐতিহাসিক ধোদৰ আলি আৰু তিতাবৰ বৰহোলা ন-আলি সংযোগী পথ(Historical road Dhodar Ali)৷ আহোম ৰাজত্বৰ শাসনকালতে ধোদৰে নিৰ্মাণ কৰা ঐতিহাসিক ধোদৰ আলি আৰু ইয়াৰ সংযোগী পথসমূহত বৃহৎ বৃহৎ পুখুৰীসদৃশ দ গাঁতৰ(Historical Dhodar Ali in poor condition)সৃষ্টি হৈছে । এই দ গাঁতসমূহ সৃষ্টি হোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

শিৱসাগৰ জিলা লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত ঐতিহাসিক ধোদৰ আলি মেৰামতিৰ কাৰণে বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও নামতি চাৰিআলিৰ বিধ্বস্ত অংশ আজিও বিভাগৰ দৃষ্টিগোচৰ হোৱা নাই । ব্যৱসায়িক কেন্দ্ৰ নামতি চাৰিআলিৰ সোঁমাজতে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকে জীয়াতু ভূগিবলগীয়া হৈছে । পথটোৰ বিধ্বস্ত অৱস্থাৰ কাৰণে বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ।

সেয়ে ঐতিহাসিক ধোদৰ আলি আৰু তিতাবৰ বৰহোলা ন-আলি সংযোগী পথটি শীঘ্ৰেই মেৰমতিৰ দাবীৰে সোমবাৰে আছুৱে এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে (AASU protest for Poor condition of Historical Dhodar Ali)৷ ইফালে পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ক্ষোভিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷

যদি শীঘ্ৰেই এই পথটি মেৰামতি কৰা নহয় তেন্তে অনাগত দিনত বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ সেয়ে অতিশীঘ্ৰেই উক্ত পথটি মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰাৰ দাবী উত্থাপন কৰে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : সংকটৰ গৰাহত বৰচলা বিল-সৰুচলা বিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.