ETV Bharat / state

Protest against civic tax hike: বৰ্ধিত পৌৰ কৰৰ বিৰুদ্ধে মৰিয়নিত তীব্ৰ প্ৰতিবাদ

বৰ্ধিত পৌৰ কৰৰ বিৰুদ্ধে মৰিয়নি পৌৰসভাৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ আছু আৰু কৰদাতা ৰাইজৰ । প্ৰতিবাদত স্তব্ধ ৰাজহ চক্ৰ কাৰ্যালয় আৰু মৰিয়নি পৌৰসভা (AASU Protest against municipality tax hike at Mariani) ।

author img

By

Published : Mar 28, 2023, 10:22 PM IST

AASU Protest against municipality tax hike
মৰিয়নি পৌৰসভাৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ

যোৰহাট, 28 মাৰ্চ : ৰাজ্য চৰকাৰে পৌৰসভাৰ আবাসীসকলৰ ওপৰত 25 শতাংশ পৌৰ কৰ বৃদ্ধি কৰাৰ বিৰোধিতাৰে আজি মৰিয়নিত কৰদাতা ৰাইজ আৰু আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত মৰিয়নি পৌৰ সভাৰ দহটা ৱাৰ্ডৰ পৰা ৰাজপথলৈ ওলায় আহি শ শ প্ৰতিবাদী ৰাইজে মৰিয়নি পৌৰসভাৰ কাৰ্যালয়ৰ সন্মূখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মৰিয়নি পৌৰসভাৰ পৌৰপতি আৰু কাৰ্যবাহী বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে বৰ্ধিত পৌৰ কৰ বিৰোধী ৰাইজে (Protest against municipality tax hike at Mariani)৷

পৰৱৰ্তী সময়ত পুনৰ ৰাইজে মৰিয়নি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ প্ৰতিবাদী সমদল কৰে ৷ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ নগৰ উন্নয়ন মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে কৰদাতা ৰাইজে । উল্লেখ্য যে, কৰদাতা ৰাইজে জাবৰ সংগ্ৰহ আৰু পানী যোগানৰ বাবে পৌৰসভাক পৃথকে পৃথকে ধন আদায় দিয়াৰ পাছতো হোল্ডিং টেক্সত অতিৰিক্ত কৰ বোজা দিয়াটো কোনো কাৰণতে ন্যায় সংগত নহয় (Protest against civic tax hike) ।

লগতে পঢ়ক : Online application for land leases : গুৱাহাটীৰ ৮৫ হাজাৰ পৰিয়ালে এতিয়াও লাভ কৰা নাই ভূমি পট্টা

তাৎপৰ্যপূৰ্ণ যে কোনো সম্যক জ্ঞান নথকা বহিৰাগত প্ৰতিষ্ঠানক কৰ সংগ্ৰহৰ জৰীপ প্ৰদান কৰাৰ ফলত যেনেকৈ মন যায় জৰীপ চলায় প্ৰতিবেদন দাখিল কৰে বুলি উল্লেখ কৰি পুৰণা ঘৰ আৰু নতুন ঘৰ এটাই কিমান ট্ৰেক্স দিব লাগিব সেয়া পৃথক পৃথক নোহোৱাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ (AASU Protest against municipality tax hike at Mariani) ৷

স্থানীয় অভিজ্ঞতা সম্পন্ন অভিযন্তাক এই জৰীপ কামত নিয়োগ নকৰাটো অতি আশ্বৰ্যজনক বুলিও অভিযোগ উথাপিত কৰিছে স্থানীয় ৰাইজে । ফলত এতিয়া অত্যাধিক পৌৰ কৰে কোঙা কৰাৰ আশংকাতেই ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰখা পৰিলক্ষিত হৈছে (AASU protest at Mariani) ।

লগতে পঢ়ক : Govt school in Nalbari : নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে লাগিছে হেতা ওপৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.