ETV Bharat / state

CAA বাতিলৰ দাবীত যোৰহাটত আছুৰ প্ৰতিবাদ

author img

By

Published : Mar 24, 2021, 6:18 PM IST

২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দলীয় ইস্তাহাৰ মুকলি অনুষ্ঠানত কেন্দ্ৰীয় নেতা তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শীঘ্ৰে ৰাজ্যত কা' বলৱৎ হ’ব বুলি ঘোষণা কৰিছিল । তাৰপিছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠন ৷ বুধবাৰে আছুই সাব্যস্ত কৰে প্ৰতিবাদ ৷

CAA বাতিলৰ দাবীত যোৰহাটত আছুৰ প্ৰতিবাদ
CAA বাতিলৰ দাবীত যোৰহাটত আছুৰ প্ৰতিবাদ

যোৰহাট,24 মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্র সন্থা । ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দলীয় ইস্তাহাৰ মুকলি অনুষ্ঠানত কেন্দ্ৰীয় নেতা তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শীঘ্ৰে ৰাজ্যত কা' বলৱৎ হ’ব বুলি ঘোষণা কৰিছিল ।

CAA বাতিলৰ দাবীত যোৰহাটত আছুৰ প্ৰতিবাদ

তাৰপিছতে অসমীয়া খিলঞ্জীয়া ৰাইজ তথা বিভিন্ন অৰাজনৈতিক দল-সংগঠনে নিবিচাৰিলেও সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰিব বিচৰা বিজেপিৰ বিৰূদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে সংগঠনসমূহে । বুধবাৰে যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ১১ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট আছুই ।

লগতে পঢ়কঃ ৮ এপ্ৰিলত অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.