ETV Bharat / state

Toll Gate in Assam:ৰঙামাটিত টোলগেট স্থাপনৰ বিৰুদ্ধে গৰজি উঠিল আছু - কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়

শাৰদীয় দুৰ্গা পুজাৰ সময়ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ আন এখন টোল গেটত কৰ দিবলৈ সাজু থাকক ৰাজ্যবাসী । টোল গেট বন্ধ কৰা দাৱীত দেৰগাৱত আছু প্ৰতিবাদ ।

Toll gate of Rangamati in Dergaon
দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেট
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 3:05 PM IST

দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেট

যোৰহাট,১ ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গা পূজাৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ সম্পূৰ্ণ হোৱা টোলগেটত কৰ দিবলৈ সাজু হ'বৰ হৈছে ৰাজ্যবাসী । সেয়েহে দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেট বন্ধ কৰাৰ দাবীত শুক্ৰবাৰে আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী । চৰকাৰে শীঘ্ৰেই টোলগেট বন্ধ নকৰিলে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে আছুই । টোল কৰৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমবাসীক মাধমাৰ সোধোৱাৰ এক পৰিকল্পনা হাতত লৈছে ।

প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে খাদ্য সামগ্ৰীৰ পৰা ৰোগীৰ সাধাৰণ জীৱনদায়িনী ঔষধলৈকে অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটোৱা চৰকাৰে পুনৰ অসমৰ ৰাইজক অতিৰিক্ত কৰ জাপি দিবৰ বাবে ১৮ খনকৈ নতুন টোলগেট স্থাপনৰ এক ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত চলি থকা টোলগেট বন্ধ কৰাৰ দাবীত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰঙামাটি টোলগেটত ।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ সহযোগত অসম চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ বিৰুদ্ধে গৰজি উঠিছে আছু । উল্লেখ্য যে নীতিবহিৰ্ভূতভাৱে নিৰ্মাণ কৰা হৈছে ৰঙামাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটখন । তথ্য জনা অধিকাৰ আইনৰ তথ্য মতে সমগ্ৰ দেশৰ ১৮৯ খন টোলগেট আইন বহিৰ্ভূতভাৱে নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰে চাৰিখন টোলগেট অসমৰ । ইফালে,পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সদনৰ মজিয়াত কৈছিল যে ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেটসমূহৰ দূৰত্ব ৬০ কিলোমিটাৰৰ ব্যৱধান হোৱাটো বাঞ্চনীয় ৷ ৬০ কিলোমিটাৰতকৈ কম দূৰত্বত দুখনকৈ টোলগেট কেতিয়াও স্থাপন কৰিব নোৱাৰিব ।

কিন্তু ৰঙামাটি আৰু ৰঙাজান মাজৰ ব্যৱধান ৬০ কিলোমিটাৰতকৈও কম হোৱা স্বত্বেও দুখনকৈ টোলগেট নিৰ্মাণ কৰা হৈছে ৷ ইফালে,পৌৰ এলেকাৰ ১০ কিলোমিটাৰ ব্যৱধানত টোলগেট স্থাপন হ'ব নোৱাৰে, কিন্তু ৰঙামাটি টোলগেট পৌৰ এলেকাৰ ৭ কিলোমিটাৰ ব্যৱধানতহে আছে । সকলো আইন জলাঞ্জলি দি উক্ত টোলগেট ন নিৰ্মাণ কৰা হৈছে বুলি অভিযোগ উথাপিত হৈ আহিছে ।

লগতে পঢ়ক:Toll Gate in Assam:ৰঙামাটিত টোলগেট স্থাপনৰ বিৰোধিতা কৃষক মুক্তিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.