যোৰহাট,12 এপ্ৰিল: যোৰহাটত আছু কৰ্মীৰ ওপৰত আক্ৰমণৰ অভিযোগ ৷ বহুজাতিক কোম্পানীত খালী হৈ থকা পদত নিয়োগ পূৰণৰ বাবে আবেদন প্ৰদান কৰিবলৈ যোৱা আছু কৰ্মীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৰহাট নগৰৰ তৰাজানস্থিত "Kutchina Kitchen" নামৰ বহুজাতিক কোম্পানীটোত সোমবাৰে যোৰহাট জিলা ছাত্র সন্থাৰ বিষয়ববীয়াই খালী হৈ থকা পদত নিয়োগ পূৰণৰ বাবে আবেদন প্ৰদান কৰিবলৈ গৈছিল ৷ কিন্তু "Kutchina Kitchen" কৰ্তৃপক্ষই ইংৰাজী ভাষাত লিখা আবেদনখন বুজি নাপাই বিহুৰ চান্দা বিচাৰি অহা বুলি ভাবি অভব্য আচৰণ কৰাৰ লগতে শাৰিৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
উল্লেখ্য যে, দুমাহ পূৰ্বে যোৰহাট জিলা ছাত্ৰ সন্থাই নিজা প্ৰচেষ্টাৰে যোৰহাটত এক বে-চৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰ স্থাপন কৰিছিল ৷ সেই উদ্দেশ্যে থলুৱা নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ বাবে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত যোৰহাট জিলা ছাত্ৰ সন্থাই আবেদন পত্ৰ দি আহিছে ৷ সোমবাৰেও আছুৰ কৰ্মকৰ্তাসকলে "Kutchina Kitchen" নামৰ বহুজাতিক কোম্পানীটোত আবেদন দিবলৈ যাওঁতেই এই ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷
আনহাতে কোম্পানীটোৰ পৰিচালকেও আছু কৰ্মীসকলৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ আছু কৰ্মীসকলে পোনপটীয়াকৈ কাৰ্যালয়ত প্ৰৱেশ কৰি বিহুৰ চান্দা বিচৰা বুলি অভিযোগ কৰিছে পৰিচালকজনে ৷ এতিয়া প্ৰকৃত ঘটনা তদন্তৰ পাছতহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক: মৰাণত বিহুৰ লগত সংগতি ৰাখি বাণিজ্য মেলা