ETV Bharat / state

যোৰহাট জিলাৰ উপায়ুক্তৰ মধ্যস্থতাত অইলৰে AASUৰ আলোচনা - কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈ স্মাৰক পত্ৰ

অৱশেষত নিযুক্তি সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা(AASU)ই উত্থাপন কৰা দাবী মানি ল'লে অইল ইণ্ডিয়া লিমিটেডে(Oil India Limited) । বুধবাৰে যোৰহাট(Jorhat) জিলাৰ উপায়ুক্তৰ মধ্যস্থতাত সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ নেতৃত্বৰে আলোচনাত মিলিত হ'ল অইল কৰ্তৃপক্ষ ।

AASU important meeting with OIL
যোৰহাট জিলাৰ উপায়ুক্তৰ মধ্যস্থতাত অইলৰে AASUৰ আলোচনা
author img

By

Published : Sep 1, 2021, 5:32 PM IST

যোৰহাট, ১ ছেপ্টেম্বৰ: অইল ইণ্ডিয়া লিমিটেড(Oil India Limited)ৰ নিযুক্তি প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থা(AASU)ই কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত অৱশেষত সেও মানিলে অইল কৰ্তৃপক্ষই । মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট(Jorhat) জিলা সমিতিৰ নেতৃত্বৰে হোৱা আলোচনাত অইল কৰ্তৃপক্ষই সংগঠনটোৰ দাবী মানি ল'বলৈ সন্মতি প্ৰকাশ কৰে । বুধবাৰৰ যোৰহাট(Jorhat) জিলাৰ উপায়ুক্তৰ মধ্যস্থতাত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, অইল কৰ্তৃপক্ষই নিযুক্তি সন্দৰ্ভত যোৱা ২৪ আগষ্টত প্ৰকাশ কৰা বিজ্ঞাপন পুনৰ স্বচ্ছ ৰূপত প্ৰকাশ কৰিব, য'ত উজনি অসমৰ চাৰিখন জিলাৰ প্ৰাৰ্থীসকলৰ উপৰিও যোৰহাটকে ধৰি অসমৰ আন জিলাৰ অইলৰ শিক্ষানৱিচ হিচাপে প্ৰশিক্ষণ লোৱা প্ৰাৰ্থীসকলে পৰীক্ষাত অৱৰ্তীণ হ'ব পাৰিব বুলি নতুন বিজ্ঞাপনটোত স্পষ্ট ৰূপত উল্লেখ থাকিব ।

AASU important meeting with OIL
যোৰহাট জিলাৰ উপায়ুক্তৰ মধ্যস্থতাত অইলৰে AASUৰ আলোচনা

আনহাতে, আছুৰ যোৰহাট জিলা সমিতিৰ হেঁচাত নতুনকৈ ৬২টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি পদসমূহত অইলৰ কাৰ্যালয় থকা চাৰিওখন জিলাৰ বাদে যোৰহাট আৰু আন কেইবাখনো জিলাৰ নিবনুৱাসকলে আবেদন জমা দিব পাৰিব বুলি দুলীয়াজানৰ পৰা অহা অইলৰ জনসৰ্ম্পকৰক্ষী বিষয়াগৰাকীয়ে মুকলিকৈ প্ৰকাশ কৰে । এই পদসমূহৰ বাবে আজি ১-২১ ছেপ্টেম্বৰৰ ভিতৰত আবেদন জমা দিব লাগিব । ইপালে, কেন্দ্ৰীয় চৰকাৰৰ পেট্র'লিয়াম মন্ত্রালয়ৰ অইলৰ নিযুক্তিৰ নিয়মাৱলীৰ সংশোধন সৰ্ন্দভত যোৰহাট ছাত্র সন্থাই কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব । নিযুক্তিৰ ক্ষেত্ৰত অইলৰ কাৰ্যালয় থকা অঞ্চল বাদ দি আন জিলাৰ নাম অন্তর্ভুক্ত কৰাৰ ক্ষেত্রত অইলৰ কোনো কৰ্তৃত্ব নাথাকে বুলি অইলৰ বিষয়াসকলে জানিবলৈ দিছে ।

যিহেতু নিযুক্তি নিয়মাৱলী পেট্র'লিয়াম মন্ত্রালয়ে প্ৰস্তুত কৰে, সেয়েহে ৰাজহুৱা স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে প্ৰয়োজন সাপেক্ষে আইনী যুঁজৰ বাবেও সাজু আছে বুলি স্পষ্ট কৰি দিয়ে ।

উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেডে শেহতীয়াকৈ প্ৰকাশ কৰা চাকৰিৰ বিজ্ঞাপনৰ ক্ষেত্ৰত যোৰহাট জিলাৰ নাম ষড়যন্ত্ৰমূলকভাৱে কৰ্তন কৰি জিলাখনৰ অৰ্হতা সম্পন্ন নিবনুৱাকসকলক চাকৰিৰ বাবে আবেদন কৰাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলিছিল আছুৱে । অইলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছিল ছাত্ৰ সংগঠনটোৱে । অৱশেষত অইল কৰ্তৃপক্ষই এই ক্ষেত্ৰত শিথিলতা আনি ছাত্ৰ সংগঠনটোৰ দাবীবোৰ মানি ল'বলৈ সন্মতি প্ৰকাশ কৰে ।

লগতে পঢ়ক:চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাম-কাজৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.