ETV Bharat / state

টীয়কত ছাত্ৰ সন্থাৰ মুকলি বিহু উদযাপন - bihu celebration

মঙলবাৰে টীয়কত ছাত্ৰ সন্থাৰ মুকলি বিহু উদযাপন৷ ছাত্ৰ সন্থাই পঞ্চাশ হাজাৰ থলুৱা গামোচা বৈ উলিওৱাৰ সিদ্ধান্ত

টীয়কত ছাত্ৰ সন্থাৰ মুকলি বিহু উদযাপন
author img

By

Published : Apr 16, 2019, 12:54 PM IST

টীয়ক,16 এপ্ৰিলঃ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত টীয়ক হাইস্কুল খেলপথাৰত বিগত বছৰৰ দৰে এইবাৰো আয়োজন কৰা হয় মুকলি বিহু। মঙলবাৰে কেইবাটাও আগশাৰীৰ হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰা বিহুৰ বাকৰিত ছাত্ৰ সন্থাই জেষ্ঠজনৰ লগতে সামাজিক ক্ষেত্ৰখনত জড়িত সকলক বিহুৱান প্ৰদানেৰে আৰ্শীবাদ লয় ৷ লগতে বিহুৰ বাকৰিত সমূহীয়াভাৱে জলপান খোৱাৰ ব্যবস্থা কৰে । ইপিনে এই মুকলি বিহুৰ বাকৰিত ছাত্ৰ সন্থাই এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে ৷ এই অনুষ্ঠানত টীয়কৰ তিনিগৰাকী সুযোগ্য সন্তান ক্ৰমে ডঃ মন্টু কুমাৰ বৰা, ডঃ জয়ন্ত পাঠক আৰু লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ হিমাদ্ৰী বৰাক সম্বৰ্দ্ধনা জনোৱা হয় । উল্লেখ্য যে মঙলবাৰে যোৰহাট জিলা ছাত্ৰ সন্থাই আত্মসহায়ক গোটৰ শিপিনীৰ জড়িয়তে চলিত বছৰটোত পঞ্চাশ হাজাৰ অসমীয়াৰ স্বাভিমান গামোচা বৈ উলিওৱাৰ সংকল্প গ্ৰহণ কৰিছে ।

Intro:Body:টীয়কত ছাত্ৰ সন্হাৰ মুকলি বিহু উদযাপন/ছাত্ৰ সন্থাই পঞ্চাশ হাজাৰ থলুৱা গামোচা বৈ উলিওৱাৰ সিদ্ধান্ত
TEOK: টীয়ক আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত টীয়ক হাইস্কুল খেলপথাৰত মুকলি বিহু বিগত বছৰৰ দৰে এইবাৰো আয়োজন কৰা হৈছে ।কেইবাটাও আগশাৰীৰ হুঁচৰি দলে বিহু প্ৰদৰ্শণ কৰাৰ উপৰি ছাত্ৰ সন্হাই প্ৰতি বছৰৰ দৰে এইবাৰো বিহুৰ বাকৰিত জেষ্ঠ জনৰ লগতে সামাজিক ক্ষেত্ৰখনত জড়িত সকলক বিহুৱান প্ৰদানৰে আৰ্শীবাদ লোৱাৰ লগতে সমুহীয়াভাৱে জলপান খোৱাৰ ব্যবস্থা কৰে ।মুকলি বিহুৰ লগত সংগতি ৰাখি ছাত্ৰ সন্হাই প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে কাকজান মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপক ডঃ অনিল কুমাৰ শইকীয়াই ।এই অনুষ্ঠানত টীয়কৰ তিনিগৰাকী সুযোগ্য সন্তান ক্ৰমে ডঃ মন্টু কুমাৰ বৰা,ডঃ জয়ন্ত পাঠক আৰু লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হীমাদ্ৰী বৰাক সম্বৰ্দ্ধনা জনোৱা হয় ।ছাত্ৰ সন্হাৰ এই মুকলি বিহুৰ বাকৰিত অনান্য সকলৰ লগতে অৱসৰ প্ৰাপ্ত অধ্যক্ষ ডঃ অকণ চন্দ্ৰ শইকীয়া,যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃবিমল চন্দ্ৰ বৰা,অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব কমলজ্যোতি গগৈকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।উল্লেখ্য যে আজিৰ দিনটোত যোৰহাট জিলা ছাত্র সন্হাই আত্মসহায়ক গোটৰ শিপিনীৰ জড়িয়তে চলিত বছৰটোত পঞ্চাশ হাজাৰ অসমীয়াৰ স্বাভীমান গামোচা বৈ উলিওৱাৰ সংকল্প গ্ৰহণ কৰিছে ।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.