ETV Bharat / state

টীয়কত আছাৰ উদ্যোগত সজাগতা সভা

টীয়ক চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আইন সংক্ৰান্তীয় এখন সজাগতা সভা অনুষ্ঠিত ৷ কোনো পৰিস্থিতিতে আইন হাতত তুলি নল'বলৈ আহ্বান সংগঠনটোৰ

author img

By

Published : Sep 5, 2019, 11:00 AM IST

আছাৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত

টীয়ক, 05 চেপ্তেম্বৰঃ বুধবাৰে টীয়ক চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আইন সংক্ৰান্তীয় এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাৰ জৰিয়তে সংগঠনটোৱে বাগিচা খনৰ শ্ৰমিক সকলক কোনো পৰিস্থিতিতে আইন হাতত তুলি নল'বলৈ আহ্বান জনায় ৷ যোৱা 31 আগষ্টত বাগিচা খনত সংঘটিত হোৱা নাৰকীয় ঘটনাৰ পাছতেই সংগঠনটোৱে গ্ৰহণ কৰা এই পদক্ষেপক সহযোগিতা কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে টীয়ক পৌৰসভা তথা প্ৰশাসনে । উল্লেখযোগ্য যে, বাগিচা খনত সংঘটিত হোৱা বৰ্বৰ ঘটনাক বিৰোধিতা কৰিবলৈ গৈ আলফাই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকক যি সকীয়নি দিছে সেয়া অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে আছাৰ নেতৃত্বই ৷

Intro:Body:টীয়ক চাহ বাগিছাত সদৌ অসম আদিবাসী ছাত্ৰ সন্হাৰ আইন সংক্ৰান্তীয় সজাগতা সভা
TEOK: সদৌ অসম আদিবসী ছাত্ৰ সন্হা যোৰহাট জিলা সমিতিয়ে টীয়ক চাহ বাগিছাত আজি আইন সংক্ৰান্তীয় এক সজাগতা সভা আয়োজন কৰে আৰু ভবিষ্যতে কোনো কাৰণত আইন হাত ত তুলি নলবলৈ ৰাইজক আহ্বান জনায়।যোৱা ৩১ আগষ্টৰ দিনা সংঘটিত হোৱা নাৰকীয় ঘটনাৰ পাছতেই সংগঠনটোৰ এই পদক্ষেপক সহযোগিতা আগবঢ়াইছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মী, টীয়ক পৌৰসভা তথা প্ৰশাসনে।উক্ত সভাত বাগিছা অঞ্চলৰ ৰাইজক আইন সম্পৰ্কে কিছু বুজনি দি বৰ্তমান অসমৰ বিভিন্ন বাগনৰ চিকিৎসালয় সমূহত ডাক্তৰসকলৰ নিৰাপত্তাৰ ওপৰতো আলোকপাত কৰে।চিকিৎসক সকলে দৰাচলতে বাগান কৰ্তৃপক্ষৰ হেচাতহে বাগনৰ চাকৰিৰ পৰা অব্যাহতি ল'ব খোজিছে বুলি মন্তব্য কৰিছে আছাৰ নেতাই।উল্লেখযোগ্য যে আলফাই এনেবোৰ বৰ্বৰ ঘটনাৰ সম্পৰ্কে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে।আলফাৰ প্ৰতি গঠনমূলক কামত তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াই অহাৰ সত্তেও আলফাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত যি সকিয়নি দিছে তাক তেওঁলোকে অতি দুৰ্ভাগ্যজনক বুলি সদৰি কৰিছে আৰু সকলো মিলি এক বৰ অসম গঢ়াৰ বাবে আলফাক আহ্বান জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.