যোৰহাট, 24 আগষ্ট : ৰাজ্যৰ চাহ বাগিচাসমূহত কিমান সুৰক্ষিত চাহ শ্ৰমিকসকল ? চাহ বাগিচাসমূহত ময়না নায়কৰ দৰে অনুৰূপ ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে ৷ যোৱা 22 আগষ্টত তিতাবৰ মহকুমাৰ টাইৰুণ চাহ বাগিচাৰ কলঘৰত এজন শ্ৰমিকজনে কাম কৰি থকাৰ সময়তে কলঘৰৰ চিটিচি মেচিনত শ্ৰমিকজনৰ সোঁ ভৰি সোমাই যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিক ভাস্কৰ মাহান্তি ৷ এই ঘটনাৰ পিচতে শ্ৰমিকজনক আহত অৱস্থাত উন্নত চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷
এই ঘটনাৰ পিচতে চাহ বাগিচাখনত শ্ৰমিকসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ বৃহস্পতিবাৰে ভাস্কৰ মাহান্তিৰ ক্ষতিপূৰণ আৰু চাহ শ্ৰমিকৰ সুৰক্ষা বিচাৰি চাহ শ্ৰমিকৰ সহযোগত আদিবাসী ছাত্র সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
যোৰহাট জিলাৰ লেটেকুজানত আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি ফেক্টৰীসমূহত কোনো সুৰক্ষাৰ ব্যৱস্থা নথকাৰ বাবে এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈছে বুলি ক্ষোভ উজাৰে । অসম চাহ মজদুৰ সংঘৰ লগতে সংশ্লিষ্ট বিভাগ তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে সংগঠন দুটাই ।
প্ৰতিবাদকাৰীসকলে চাহ মজদুৰ সংঘ গ' বেক, চাহ মজদুৰ সংঘ কাম নাই, চাহ শ্ৰমিকক সুৰক্ষা প্ৰদান কৰক, ভাস্কৰ মাহান্তিক উন্নত চিকিৎসাৰ লগতে ক্ষতিপূৰণ দিয়ক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
যদিহে শ্ৰমিক সকলৰ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ তথা চৰকাৰ আৰু অসম চাহ মজদুৰ সংঘই কোনো ব্যৱস্থা নকৰে তেতিয়া আগন্তুক দিনত বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে । উল্লেখ্য যে, একাংশ চাহ মালিকগোষ্ঠীৰ মইমতালি আৰু চৰকাৰ উদাসীনতাৰ বাবে বৰ্তমান সময়ত চাহ শ্ৰমিকসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা গুৰতৰ অভিযোগ উথাপিত হৈছে।
লগতে পঢ়ক: Tea labor accident : কিমান সুৰক্ষিত কলঘৰৰ শ্ৰমিক ? পুনৰ মেচিনত ভৰি সোমাল শ্ৰমিকৰ