ETV Bharat / state

যোৰহাটত দিনদুপৰতে মহিলা আৰক্ষীক আক্ৰমণ যুৱকৰ

author img

By

Published : Nov 11, 2020, 7:51 PM IST

বুধবাৰে যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ এজন অচিনাকী যুৱকক নিজৰ স্কুটিত লৈ যাবলৈ অমান্তি হওঁতেই আক্ৰমণৰ বলি হ'ব লগা হ'ল মহিলা আৰক্ষী ৷

a-young-man-is-attacked-a-female-police-officer-during-the-day
দিনদুপৰতে মহিলা আৰক্ষীক আক্ৰমণ এজন যুৱকৰ

যোৰহাট, 11 নৱেম্বৰঃ বুধবাৰে যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ এগৰাকী খাকী পোছাকধাৰী মহিলা আৰক্ষীক আক্ৰমণ অংকুৰ বৰঠাকুৰ নামৰ এজন যুৱকৰ ৷ ঘটনা অনুসৰি, যোৰহাটত কৰ্মৰত মহিলা আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকে নিজ ঘৰলৈ স্কুটিৰে গৈ থকা অৱস্থাত পথত ৰৈ থকা অংকুৰ বৰঠাকুৰে উপ-পৰিদৰ্শকগৰাকীক ৰখাই কিছুদূৰ থৈ আহিবলৈ কয় ৷ কিন্তু এজন অচিনাকী যুৱকক নিজৰ স্কুটিত লৈ যাবলৈ মহিলা আৰক্ষীগৰাকী অপ্ৰস্তুত হোৱাত অংকুৰে উপৰ্যুপৰি প্ৰহাৰ কৰে মহিলা আৰক্ষীগৰাকীক ৷

ইপিনে ঘটনাস্থলীত যোৰহাট সদৰ আৰক্ষী উপস্থিত হৈ আটক কৰে যুৱকজনক ৷ তদুপৰি মহিলা আৰক্ষী গৰাকীয়েও যুৱকজনৰ বিৰুদ্ধে থানাত গোচৰ দিয়ে ৷ উল্লেখযোগ্য যে,অংকুৰৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও মহিলাক আক্ৰমণ কৰাৰ অভিযোগ আছে ৷ প্ৰশ্ন হয়, দিনদুপৰতে যদি আইনৰ ৰক্ষাকাৰী খুদ আৰক্ষীয়ে আক্ৰমণৰ বলি হ'বলগা হয়, তেনেহ'লে সাধাৰণ ৰাইজৰ নিৰাপত্তাৰ দায়িত্ব কোনে ল'ব ৷

লগতে পঢ়কঃ সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.