ETV Bharat / state

A tragic life story: তিনিটি কণমানিৰ কৰুণ জীৱন গাঁথা; প্ৰয়োজন এধানি সহায়ৰ - তিনিটি কনমানিৰ কৰুণ জীৱন গাঁথা

এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাঁথা । পখিলা খেদাৰ বয়সতে নামিবলগীয়া হৈছে জীৱন সংগ্ৰামত । পিতৃৰ মৃত্যুৰ পাচত মৃতকৰ সম্পূৰ্ণ কাম-কাজ কৰিবলৈ বাকী থকা সময়তেই অসুস্থ মাতৃৰ চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহত নামিবলগীয়া হৈছে তিনিটি কণমানি (A tragic life story of three Child in Jorhat) ।

A tragic life story of three Child in Jorhat
তিনিটি কনমানিৰ কৰুণ জীৱন গাঁথা
author img

By

Published : May 4, 2023, 9:45 PM IST

তিনিটি কনমানিৰ কৰুণ জীৱন গাঁথা

যোৰহাট, ৪ মে': যোৰহাট জিলা অন্তৰ্গত মৰিয়নী বিজয়পুৰ ৰঙাজান দাস গাঁৱৰ দৰিদ্ৰ পৰিয়াল তিনি দুৰ্ভগীয়া নিথৰুৱা ভাতৃ-ভগ্নী কৰুণ জীৱন গাঁথা । পিতৃৰ মৃত্যুৰ পাছত মৃতকৰ সম্পূৰ্ণ কাম-কাজ কৰিবলৈ বাকী থকা সময়তেই মাতৃক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱাব লগা হ'ল যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত (A tragic life story) ।

দুৰ্ভগীয়া সন্তান তিনিটি পিতৃ যোগেন দাস জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ এসপ্তাহ নৌহওঁতেই মৃত যোগেন দাস পন্তী বৰ্তমান JMCH ত ছয় দিনে চিকিৎসাধীন হৈ আছে । বৰ্তমান মাতৃ মঞ্জু দাসৰ ১৫ বছৰীয়া পুত্ৰ ৰবিন দাসে দুই কণমানি ভনীয়েকক লগত লৈ মাতৃৰ চিকিৎসাৰ বাবে গাঁৱৰ ঘৰে ঘৰে গৈ সহায় ভিক্ষা বিচাৰিব লগা হৈছে (A tragic life story of three Child in Jorhat) ।

কাৰণ চিকিৎসকে জনোৱা অনুসৰি মাতৃৰ দুটাকৈ অস্ত্ৰোপচাৰ কৰিব লাগিব, যাৰ বাবে লাগে বহু পৰিমানৰ ধন । উল্লেখ্য যে, ৰেচন কাৰ্ড, অৰুণোদয়, সৌভাগ্য আদি চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা দুভৰ্গীয়া কণমানি কেইটাক তথা পৰিয়ালটোক গাঁৱৰ ৰাইজে সহায় কৰিছে যদিও সেইয়া পৰ্যাপ্ত নহয় । সেয়ে কণমানি পুত্ৰৰ লগতে স্থানীয় ৰাইজে মাতৃৰ চিকিৎসাৰ বাবে সহায় কৰিবলৈ মুখ্যমন্ত্ৰীক হাতযোৰ কৰি কাতৰ অনুৰোধ জনায় (Three children seek help from CM) ।

‘‘মোৰ মাক ঘূৰাই দিয়ক’’ বুলি কেমেৰাৰ সন্মুখতে কান্দি উঠিল কণমানি ৰবিন দাসে । উল্লেখ কৰাৰ প্ৰয়োজন যে, জীৱন যুদ্ধত কেনেকৈ সংগ্ৰাম কৰিব লাগিব সেয়া বুজি নাপাওঁতেই প্ৰথমতে পিতৃক হেৰুৱালে উক্ত কণমানি কেইটাই আৰু সেই বেদনা মাৰ নৌযাওঁতেই কণমানি কেইটাই মুখামুখি হ'ব লগা হৈছে মাতৃ চিকিৎসা বাবে এক দীঘলীয়া সংগ্ৰামৰ । এনে সময়ত এই দৰিদ্ৰ পৰিয়ালটোৰ বৰ্তমান একমাত্ৰ ভৰসাৰ স্থল হৈ পৰিছে অসমবাসী ৰাইজ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

লগতে পঢ়ক: Amritpal Singh updates: অমৃতপালক সাক্ষাতৰ বাবে ডিব্ৰুগড় কাৰাগাৰত পত্নী কিৰণদ্বীপ কৌৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.