ETV Bharat / state

নৱেম্বৰত মুকলি হ'ব অসমৰ অন্যতম ভূমিপুত্ৰ ঠেঙাল কছাৰীৰ সভ্যতা সংস্কৃতি প্ৰতিফলিত কৰা সংগ্ৰহালয়

author img

By

Published : Nov 10, 2020, 5:35 PM IST

নৱেম্বৰ মাহৰ শেষৰফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত তিতাবৰত স্থাপিত সংগ্ৰহালয় । য'ত সংৰক্ষণ হ'ব অসমৰ অন্যতম ভূমিপুত্ৰ ঠেঙাল কছাৰী সকলৰ সভ্যতা সংস্কৃতি ৷

a-museum-reflecting-the-culture-of-thengal-kashari-one-of-the-bhumiputras-of-assam-will-be-opened-in-november
নৱেম্বৰত মুকলি হ'ব অসমৰ অন্যতম ভূমিপুত্ৰ ঠেঙাল কছাৰীৰ সভ্যতা সংস্কৃতি প্ৰতিফলিত কৰা সংগ্ৰহালয়

যোৰহাট, 10 নৱেম্বৰ : ৰাজ্যত মিঞা মিউজিয়াম বিতৰ্ক থকাৰ সময়তে অসমবাসীলৈ সু-খবৰ ৷ কিয়নো অতি কম দিনৰ ভিতৰতে মুকলি হ'ব অসমৰ অন্যতম ভূমিপুত্ৰ ঠেঙাল কছাৰী সকলৰ সভ্যতা সংস্কৃতি প্ৰতিফলিত কৰা এটা সংগ্ৰহালয় ।

উল্লেখ্য যে, নৱেম্বৰ মাহৰ শেষৰফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত তিতাবৰত স্থাপিত সংগ্ৰহালয়টো । সংগ্রহালয়টোৰ লগতে বিশেষভাৱে সংযোজন কৰা হৈছে এটা আটক ধুনীয়া সাংস্কৃতিক কেন্দ্ৰৰ । য'ত আছে শীত তাপ নিয়ন্ত্ৰিত 185 জনীয়া এটা প্ৰেক্ষাগৃহ ।

a-museum-reflecting-the-culture-of-thengal-kashari-one-of-the-bhumiputras-of-assam-will-be-opened-in-november
ঠেঙাল কছাৰীৰ সাংস্কৃতিক সম্ভাৰ

লগতে পঢ়ক : মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ঠেঙাল জনগোষ্ঠীয় তিতাবৰৰ প্ৰাক্তন বিধায়ক গিৰিধৰ ঠেঙাল সোঁৱৰণি প্ৰেক্ষাগৃহ হিচাপে নামাকৰণ কৰিছে প্ৰেক্ষাগৃহটো । ঠেঙাল কছাৰী সকলৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সম্ভাৰ, দৈনন্দিন ব্যৱহৃত সামগ্ৰী আৰু পৰম্পৰাগত সাজ পোছাক প্ৰস্তুত, কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰা সঁজুলি, মাছ মৰা সামগ্ৰী, ঠেঙাল জনগোষ্ঠীয় বিহু, ঠেঙাল কছাৰী সকলৰ মাংগলিক কামত ব্যৱহাৰ কৰা ডেকৰা খৰাহী, চাম পিৰা, সাঁচিপাতৰ পুথি আদি প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে সংগ্ৰহালয়টোত।

মুখ্য়মন্ত্ৰীয়ে মুকলি কৰিব এই সংগ্ৰহালয়

ইফালে, শিশু সকলৰ মনোৰঞ্জনৰ বাবেও বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হৈছে সংগ্ৰহালয়টোত ৷ উল্লেখযোগ্য যে তিতাবৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত নিৰ্মাণ কৰা ঠেঙাল কছাৰী সকলৰ সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্রহালয়টোৰ দ্বাৰা ভৱিষ্যত প্ৰজন্ম উপকৃত হ'ব বুলি আশাবাদী সকলো ।

লগতে পঢ়ক : বিহাৰ নিৰ্বাচনৰ ভোট গণনা,ভাগ্য নিৰ্ণয় হ'ব নীতিশ কুমাৰ চৰকাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.