ETV Bharat / state

Religious conversion: খ্ৰীষ্টান ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰ যোৰহাটৰ এটা পৰিয়াল

মৰিয়নী নাগিনীজান চাহ বাগিচাৰ পুঠিনদী অঞ্চলত কৌশলেৰে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰা পৰিয়ালক পুনৰ হিন্দু ধৰ্মৰ দীক্ষা প্ৰদান (Religious conversion in Jorhat) ৷ খ্ৰীষ্টান ধৰ্মলৈ পৰিয়ালটোৰ পাঁচজন সদস্যক ধৰ্মান্তৰিত কৰা হৈছিল ৷

author img

By

Published : Feb 7, 2023, 5:18 PM IST

Religious conversion in Jorhat
হিন্দু ধৰ্মলৈ ধৰ্মান্তৰ
হিন্দু ধৰ্মলৈ ধৰ্মান্তৰ যোৰহাটৰ এটা পৰিয়াল

যোৰহাট, 7 ফেব্ৰুৱাৰী: মঙলবাৰে যোৰহাট জিলাৰ মৰিয়নী নকছাৰিৰ দেবেৰাপাৰ থানাৰ অন্তৰ্গত নাগিনীজান পুঠিনদী অঞ্চলৰ দিপালী কৰ্মকাৰৰ 5 জনীয়া পৰিয়ালটোৱে দীক্ষা গ্ৰহণ কৰে হিন্দু ধৰ্মত ৷ আৰ্য বৈষ্ণৱ সমাজ যোৰহাট জিলা সমিতিৰ মুখ্য পুৰোহিত দিনেশ্বৰ ৰায়ৰ ওচৰত দীক্ষা লৈ হিন্দু ধৰ্ম গ্ৰহণ কৰে পৰিয়ালটোৱে ৷ দিপালী কৰ্মকাৰৰ পৰিয়ালটোৱে জন্মগতভাৱে হিন্দু ধৰ্মৰে দীক্ষান্ত আছিল যদিও কেইটামান বছৰৰ পূৰ্বে পৰিয়ালটোক এটা চক্ৰই কৌশলেৰে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰিছিল (Religious conversion in Jorhat) ৷

হিন্দু জনবসতিপূৰ্ণ উক্ত অঞ্চলটোৰ এটা পৰিয়ালক এইদৰে কৌশলেৰে হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰাৰ ঘটনাত উদ্যোগ প্ৰকাশ কৰে হিন্দু সমাজে ৷ স্থানীয় লোকৰ সহযোগত আৰু পৰিয়ালটোৰ আগ্ৰহত আজি পুনৰ বৈষ্ণৱ পুৰোহিতৰ সন্মুখত তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰে ৷ খ্ৰীষ্টান ধৰ্মৰ গ্ৰাসৰ পৰাৰ ওলাই আহি পুনৰ জন্মগত হিন্দু ধৰ্মত দীক্ষিত হোৱাৰ পিচত পৰিয়ালটোৱে সুখী হোৱা বুলি মত প্ৰকাশ কৰে (Family converted from Christianity to Hinduism) ।

উল্লেখ্য যে, অতি পিচপৰা আৰু সহজ সৰল চাহ জনগোষ্ঠীৰ লগতে জনজাতীয় লোকসকলক নানা প্ৰলোভন দেখুৱাই তেওঁলোকৰ মাজত এটা চক্ৰই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ লগতে খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰি আহিছে । কিন্ত এইদৰে একাংশ সহজ সৰল লোকক চক্ৰটোৱে হিন্দু ধৰ্মৰ পৰা আঁতৰাই আনি অতি প্ৰলোভনে খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰি অহা কাৰ্যক ইতিপূৰ্বে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰে ধিক্কাৰ প্ৰদান কৰা লগতে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল (Religious Conversion in Assam) ।

দেখা গৈছে যে, কেৱল যোৰহাটতেই নহয়, নদী দ্বীপ মাজুলীৰো বহু জনগোষ্ঠীয় লোকক ইতিমধ্যে ধনৰ প্ৰলোভনেৰে খ্ৰীষ্টান ধৰ্মত দীক্ষিত পৰাৰ প্ৰক্ৰিয়া চলি আছে ৷ মাজুলীত বৰ্তমান সত্ৰতকৈ গীৰ্জাৰ সংখ্যা বৃদ্ধি পোৱা বুলি কেইবাগৰাকীও সত্ৰাধিকাৰে মত ব্যক্ত কৰি এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিছে (Christianity aggression in Majuli) ৷ এই চক্ৰটোৰ মূল লক্ষ্য হৈছে ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকল ৷ বৃহৎ ধনৰ প্ৰলোভন দি এইসকল লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া অতি সংগোপনে ৰাজ্যত চলি আহিছিল যদিও বৰ্তমান সময়ত এই চক্ৰান্ত ধৰা পৰিছে (Religious conversion in Majuli) ৷

ধৰ্মান্তকৰণৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এটা গোচৰ বিচাৰাধীন হৈ আছে ৷ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয় সমূহতো এই বিষয়টোৰ সন্দৰ্ভত বহু গোচৰ চলি আছে ৷ শীৰ্ষ আদালতে মন্তব্য কৰিছিল যে, বলপূৰ্বক ধৰ্মান্তৰকৰণ এক “অতি গুৰুতৰ বিষয়” আৰু ই ধৰ্মৰ ক্ষেত্ৰত নাগৰিকৰ বিবেকৰ স্বাধীনতাৰ লগতে “দেশৰ নিৰাপত্তা”কো প্ৰভাৱিত কৰিব পাৰে (Supreme court judgement on religious conversion) ।

উচ্চতম ন্যায়ালয়ে যোৱা 3 জানুৱাৰীত পৰ্যবেক্ষণ কৰিছিল যে, কোনো ৰাজ্যই সকলো ধৰ্মান্তৰকৰণক অবৈধ বুলি ধৰি ল’ব নোৱাৰে ৷ আনহাতে, উচ্চ ন্যায়ালয়ে অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হ’ব বিচৰা ব্যক্তিয়ে 60 দিনৰ পূৰ্বে স্থানীয় জিলা দণ্ডাধীশক অৱগত কৰিব লাগিব বুলি ৰায় প্ৰদান কৰিছিল ৷ অধিবক্তা তথা বিজেপি নেতা অশ্বিনী কুমাৰ উপাধ্যায়ে দাখিল কৰা এখন আবেদনৰ শুনানি প্ৰক্ৰিয়াত এইদৰে কোৱা হৈছিল ৷

যোৱা 9 জানুৱাৰীত উচ্চতম ন্যায়ালয়ে ভাৰতৰ এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণিক বলপূৰ্বক আৰু প্ৰতাৰণামূলক ধৰ্মান্তৰকৰণ ৰোধ কৰিব বিচৰা আবেদনত আদালতক সহায় কৰিবলৈ আহ্বান জনায় । ন্যায়াধীশ এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠেও বিজেপি নেতা অশ্বিনী উপাধ্যায়ে দাখিল কৰা পি আই এলৰ গোচৰৰ শিৰোনাম সলনি কৰি "In Re : Issue of religious conversion" বুলি কয়, আনহাতে বিষয়টো ৭ ফেব্ৰুৱাৰীলৈ স্থগিত ৰাখে ।

"বৰ্তমানৰ আবেদনখনৰ শিৰোনাম হৈছে "In Re : Issue of religious conversion" । বিষয়টোৰ গুৰুত্বৰ ওপৰত চকু ৰাখি ভাৰতৰ এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণিক এই বিষয়ত হাজিৰ হৈ আদালতক হয় এমিকাছ হিচাপে বা অন্য কোনো ধৰণে সহায় কৰিবলৈ অনুৰোধ জনোৱা হৈছিল (Anti conversion law supreme court)।

উচ্চতম ন্যায়ালয়ত এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণিয়ে বিভিন্ন ৰাজ্যৰ ধৰ্মান্তৰকৰণ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ওপৰত গুৰুতৰ আপত্তি উত্থাপন কৰে । তেওঁ কয়, "এইবোৰ ৰাজ্যিক আইন আৰু ৰাজ্যিক উচ্চ ন্যায়ালয়ে ইয়াৰ শুনানি গ্ৰহণ কৰি আছে । তাত আবেদন বিচাৰাধীন হৈ আছে আৰু একেখিনি আবেদনকাৰীয়ে এতিয়া উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে৷ তাৰ ওপৰত মোৰ গুৰুতৰ আপত্তি আছে ।"

লগতে পঢ়ক: Threat to Assam is conversion: অসমৰ বাবে আন এক ভাবুকি স্বৰূপ হৈ পৰিছে ধৰ্মান্তৰকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.