ETV Bharat / state

Memories of freedom struggle: স্বাধীনতা সংগ্ৰামৰ স্মৃতি সুঁৱৰিলে ৯৮ বছৰীয়া দুৰ্গেশ্বৰ কলিতাই - 98 year old freedom fighter Durgeswar Kalita

যি সকল মহান ব্যক্তিৰ আপ্ৰাণ আন্দোলনৰ ফলত দেশে আজি এই স্বাধীনতাৰ সোৱাদ লাভ কৰিলে সেই সকল মুক্তিযোদ্ধাৰ মাজৰে এগৰাকী টীয়কৰ দুৰ্গেশ্বৰ কলিতা ৷ 98 বছৰ গৰকা এইগৰাকী প্ৰবীণ মুক্তিযোদ্ধাই সুঁৱৰিলে স্বাধীনতা সংগ্ৰামৰ বহু শিহৰণকাৰী স্মৃতি (Memories of freedom struggle) ৷

Freedom Fighter Durgeshar Kalita
স্বাধীনতা সংগ্ৰামী ৯৮ বছৰীয়া দুৰ্গেশ্বৰ কলিতাৰ সৈতে এখন্তেক
author img

By

Published : Jan 25, 2023, 3:01 PM IST

স্বাধীনতা সংগ্ৰামী ৯৮ বছৰীয়া দুৰ্গেশ্বৰ কলিতাৰ সৈতে এখন্তেক

টীয়ক, 25 জানুৱাৰী: দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই । পুৰুষ-মহিলা উভয়েই জপিয়াই পৰিছিল এই সংগ্ৰামত । দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহুলোক চিৰদিনলৈ ঘূণীয়া হৈছিল । কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি, থগী সুঁত আদিৰ প্ৰাণত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল । এইসকল মহান মনীষীৰ ত্যাগৰ বাবেই আজি আমি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে কৰিব পাৰিছো গৌৰৱ ৷ আজি দেশে লাভ কৰা স্বাধীনতা 75 বছৰ অতিক্ৰম কৰিলে ৷

কাইলৈ সমগ্ৰ দেশে ৭৪ সংখ্যক গণৰাজ্য দিৱস উলহ-মালহে উদযাপন কৰিব (74th Republic Day)। যি সকল মহান ব্যক্তিৰ আপ্ৰাণ প্ৰচেষ্টা তথা আন্দোলনৰ ফলত দেশে আজি এই স্বাধীনতাৰ সোৱাদ লাভ কৰিলে, সেই সকল মুক্তিযোদ্ধাক সোঁৱৰি দেশে কাইলৈ উদযাপন কৰিব গণৰাজ্য দিৱস (Freedom Fighters)। আজি আমি এনে এগৰাকী প্ৰবীণ মুক্তিযুজাৰুৰ কথাৰে সুঁৱৰিম দেশৰ স্বাধীনতা সংগ্ৰামৰ বহু শিহৰণকাৰী স্মৃতি ৷

যোৰহাট জিলাৰ টীয়ক ৰজাবাৰীৰ শতবৰ্ষ চুবলৈ গৈ থকা এগৰাকী প্ৰবীণ স্বাধীনতা সংগ্ৰামী দুৰ্গেশ্বৰ কলিতা (Freedom Fighter Durgeswar Kalita) । জীৱনৰ মাত্ৰ ১৫ টা বসন্ত অতিক্ৰম কৰাৰ সময়তেই নিজ পিতৃৰ সৈতে দেশৰ স্বাধীনতাৰ সংগ্ৰামখনত জপিয়াই নিজৰ দেশ প্ৰেমৰ পৰিচয় দিছিল এইগৰাকী প্ৰবীণ স্বাধীনতা সংগ্ৰামীয়ে । স্বাধীনতাৰ আন্দোলনত জড়িত হৈ বৃটিছৰ বিৰুদ্ধে বহুবাৰ কাছাৰি ঘেৰাও কৰিছিল ৷ সেইখিনি সময়তে কুমুদ বৰা, হৰিনাৰায়ণ বৰুৱাৰ দৰে মহান ব্যক্তিৰ নেতৃত্বত গাঁৱে-গাঁৱে সমদল কৰি আৰু গীত গাই গঞা ৰাইজক স্বাধীনতা আন্দোলনত ভাগ ল’বৰ বাবে আহ্বান জনাইছিল ।

লগতে পঢ়ক: Birth anniversary of Netaji: হাফলঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127 সংখ্যক জয়ন্তী উদযাপন

ইপিনে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক ওচৰৰ পৰা দেখাৰ স্মৃতি, পুলিচ মিলিটেৰীৰ অত্যাচাৰ আদি সকলোবোৰ এতিয়াও মানসপটত সজীৱ হৈ থকা কথাবোৰ আজি ব্যক্ত কৰিছে ই টিভি ভাৰতৰ আগত । বৃটিছৰ শাসনকালত বৃটিছৰ ৰোষত পৰি বহুবাৰ শাস্তিৰ সন্মুখীন হৈছিল মুক্তিযোদ্ধাগৰাকী ।

পিছে যি আশা লৈ বৃটিছৰ বিৰুদ্ধে জপিয়াই দেশ স্বাধীন কৰিছিল, কিন্তু সেই আশা পূৰণ হোৱা নাই বুলি উল্লেখ কৰি ৰাজনীতিৰ নামত দেশখন ভাগ ভাগ কৰা কাৰ্যত অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে তথা আক্ষেপ প্ৰকাশ কৰিছে স্বাধীনতা সংগ্ৰামী দুৰ্গেশ্বৰ কলিতাই । অৱশ্যে দুই এগৰাকী চৰকাৰী বিষয়াই নিদিষ্ট সময়ত আহি খা খবৰ লোৱাৰ কথা উল্লেখ কৰি এয়াই তেওঁক আনন্দ দিয়ে বুলি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে প্ৰবীণ স্বাধীনতা সংগ্ৰামীগৰাকীয়ে।

ইপিনে মুক্তিযোদ্ধাৰ পেঞ্চন লাভ কৰা দুৰ্গেশ্বৰ ককা বৰ্তমান শাৰীৰিকভাৱে অসুস্থ যদিও পূৰ্বৰ স্মৃতি সোঁৱৰি ঘৰৰ চোতালত গীত গাই কিদৰে ৰাইজক স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল সেয়া প্ৰদৰ্শন কৰি টুকিলে আনন্দৰ চকুপানী ।

লগতে পঢ়ক: 74th Republic Day: যোৰহাটত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি, কোনে কৰিব পতাকা উত্তোলন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.