মৰিয়নী,12জুলাইঃ মৰিয়নীত পুনৰ 6 জন ব্যক্তিৰ দেহত ধৰা পৰে COVID-19। মৰিয়নীত বৰ্তমান COVID-19ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১১ জনলৈ । উল্লেখ্য যে, বৃহস্পতিবাৰে মৰিয়নী নগৰৰ 5 নং ৱাৰ্ড শংকৰদেৱ কলনীৰ বিজু দে আৰু তেওঁৰ পত্নীৰ দেহত ধৰা পৰিছিল । তাৰ পাছতে স্বাস্থ্য বিভাগে পৰিয়ালৰ স্বাৱ সংগ্ৰহ কৰিছিল।
দেওবাৰে পৰিয়ালৰ আন 6 জন সদস্যৰ দেহত ধৰে পৰে মাৰাত্মক কৰ'ণা ভাইৰাছ ।পৰিয়ালৰ সদস্যসকল ক্ৰমে নাৰায়ণ দে(৬১),নন্দিতা দে(৫২),শেফালী দে(৫০),পিংকি দে(২৫),ৰাজা দে(২২),তামন দে(৬) ৷ ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰা স্বাস্থ্য কৰ্মীৰ এটা দল আহি আটাইকেইজনকে লৈ যায় চিকিৎসা মহাবিদ্যালয়লৈ ৷
লগতে পঢ়কঃনতুন মোৰ লৈছে নয়নতৰা বৰুৱা হত্যাকাণ্ডই